![]()
স্বাস্থ্য প্ৰতিবেদন:
ব্ৰেকফাষ্টত যিকোনো খাদ্য খালে সেয়া হিতে বিপৰীত হ’ব পাৰে৷ বিশেষকৈ ওজন বৃদ্ধিৰ ক্ষেত্ৰত৷ শৰীৰত বিভিন্ন ৰোগে বাহ ল’ব পাৰে। সেয়ে গোটেই দিন ডায়েট নিয়ন্ত্ৰণৰ পিছতো চর্বি নকমিব পাৰে। আহক ব্ৰেকফাষ্টত কেনে ধৰণৰ খাদ্য খাব লাগে এবাৰ চাওঁ৷
১) মনত ৰাখিব ব্ৰেকফাষ্ট কৰিলেও যদি পেট ফুলা ভাব লাগি থাকে তেনেহ’লে সেয়া অস্বাস্থ্যকৰ।
২) একে ধৰণে পৰিমিত ব্রেকফাষ্ট খোৱাৰ পিছতো যদি ভোক লাগি থাকে সেয়াও অস্বাস্থ্যকৰ।
৩) ব্রেকফাষ্ট কৰিব পুৱাৰ সময়তে।
৪) ব্রেকফাষ্টত কার্বোহাইড্রেট নাৰাখিব। কেক, মাফিন, ব্রাউনি, মেগি, চকলেট ইত্যাদি ব্রেকফাষ্টৰ পৰা বাদ দিয়ক।
৫) প্রক্রিয়াজাত খাদ্য যেনে পেকেটৰ ফলৰ ৰস, ৰেডিমেড পাস্তা, নুডলছ, পোলাও, চুজি, ইডলি, পৰঠা ইত্যাদি নাখাব। এইবোৰত প্রচুৰ পৰিমাণে কেলৰিৰ লগতে শৰীৰত শর্কৰাৰ মাত্রা বঢ়ায়।
৬) পুষ্টিবিদসকলৰ মতে, পুৱাৰ খাদ্যত প্রোটিন, উপকাৰী ফেট ইত্যাদি থকাটো দৰকাৰ।
৭) পাউৰুটিৰ পৰিৱর্তে হাতে সজা ৰুটি আৰু মাখন খাওক।
৮) মিঠা খাবলৈ ইচ্ছা কৰিলে ফল খাওক। পুৱাৰ খাদ্যত যিমান পাৰি চেনি কম খাওক। একেবাৰে নাখালেও ভাল। চাহ বা কফি চেনি অবিহনে খোৱাৰ অভ্যাস কৰক।
৯) যিমানেই ব্যস্ততা থাকক, ব্রেকফাষ্ট কৰিবলৈ নাপাহৰিব।
১০) হাতত সময় নাই বুলিয়ে কচুৰি, জিলাপি, ছিঙৰা আৰু গাখীৰ চাহ বাহিৰত গৈ নাখাব।
১১) বহুতেই ওজন কমাবৰ বাবে ব্রেকফাষ্ট এৰাই চলে। এই অভ্যাসো মাৰাত্মক। আচলতেতে ইয়াৰ ফলত ওজন কমাৰ সলনি বাঢ়িহে যায়।
১২) ব্রেকফাষ্ট হিচাবে কণী, গাখীৰ, আটাৰ ৰুটি, ওটমিল, বাদামৰ মাখন, টেঙা দৈ, ফল ইত্যাদি আদর্শ।
১৩) সপ্তাহত এদিন লুচি বা পৰঠা খাব পাৰে। তথাপি সেয়াও যেন পৰিমিত হয়।
১৪) পুৱাৰ খাদ্যত প্রোটিন বেছি থকাটো স্বাস্থ্যকৰ।
১৫) ব্রেকফাষ্ট ততাতৈয়াকৈ নাখাব।
১৬) পুষ্টিবিদসকলৰ দাবী, খাদ্য কোৱাৰ ১৫-২০ মিনিট পিছত মস্তিষ্কই বুজে পায় যে পেট ভৰিছেনে নাই। সেয়ে দহ মিনিটত খোৱা শেষ নকৰি লাহে লাহে খাও। তেতিয়াহে শৰীৰৰ প্রয়োজন অনুযায়ী খাদ্য খোৱা হ’ব।
১৭) নিয়মিত ব্রেকফাষ্ট কৰিলে স্মৃতিশক্তি বৃদ্ধি কৰে। মস্তিষ্কৰ ওপৰত ভাল প্রভাৱ পেলায়, মানসিক চাপ কমায় আৰু মেজাজ ভালে ৰাখে।













