ASSAM TIMES POST
ৱাশ্বিংটন ডিচিঃ সুদূৰ আমেৰিকাত প্ৰতিধ্বনিত হ’ল ভাৰতীয় সেনাৰ অসম ৰেজিমেন্টৰ জনপ্ৰিয় মাৰ্চিং গীত ‘বদলুৰাম কা বদন জমীন কে নীচে হে’।
ইয়াত অনুষ্ঠিত হোৱা ভাৰতীয় আৰু আমেৰিকান সেনাৰ যুটীয়া সামৰিক প্ৰশিক্ষণ কাৰ্যক্ৰমত ভাগ লোৱা উভয় দেশৰ সেনায়ে এই গীতটি প্ৰাণভৰি গোৱাৰ এটা ভিডিঅ’ সম্প্ৰতি সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে।
ভিডিঅ’টোত জোৱানসকলে হাত-চাপৰিৰ তালে-তালে এই গীতটি গাই আকাশ-বতাহ কঁপাই তোলা দৃশ্যই প্ৰতিজন দেশ প্ৰেমিকক ক্ষন্তেকৰ বাবে হ’লেও শিহঁৰিত কৰি তোলে।












