ASSAM TIMES POST
নতুন দিল্লীঃ অহা ২২ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে হষ্টনত উপস্থিত হৈ আমেৰিকা নিবাসী ভাৰতীয়সকলৰ সৈতে বাৰ্তালাপ কৰিব। মন কৰিবলগীয়া কথাটো এয়ে যে উক্ত বিশেষ অনুষ্ঠানটিত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

এই কাৰ্যক্ৰমৰ পাছতেই মোডী আৰু ট্ৰাম্পে নিউ ইয়ৰ্কত অনুষ্ঠিতব্য ৰাষ্ট্ৰসংঘৰ সাধাৰণ বৈঠকত ভাগ ল’ব। প্ৰসংগক্ৰমে, হষ্টনৰ কাৰ্যসূচীত আমেৰিকাৰ ৬০ জন নেতায়ো অংশগ্ৰহণ কৰাৰ কথা আছে।
নৰেন্দ্ৰ মোডীৰ হষ্টনৰ এই কাৰ্যসূচীক ‘হাউদী মোডী’ হিচাপে নামকৰণ কৰা হৈছে। যাৰ অৰ্থ হ’ল ‘আপুনি কেনে আছে মোডী’।












