ASSAM TIMES POST
দেৱীপটনমঃ অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাৰ দেৱীপটনমৰ সমীপৱৰ্তী গোদাবৰী নৈত দেওবাৰে পৰ্যটন বিভাগৰ এখন দুৰ্বল নাও দুৰ্ঘটনাত পতিত হৈ ৬১ জন লোক সন্ধানহীন হৈ পৰিছে।
প্ৰাপ্ত তথ্য অনুসৰি, এই ৬১ জন লোকৰ ভিতৰত ৫০ জন যাত্ৰী আৰু ১১ জন নাওখনৰ কৰ্মচাৰী আছিল।

ঘটনা সংঘটনৰ ক্ষন্তেক পিছতেই এনডিআৰএফ আৰু এছডিআৰএফৰ মুঠ ১০০ জন জোৱানে সন্ধানহীনসকলক বিচাৰি নদীৰ বুকুত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলে। দুৰ্ঘটনাগ্ৰস্ত নাওখনৰ নাম ‘ৰয়েল বশিষ্ট’।
নাওখনে গান্ধী পোষাম্মা মন্দিৰৰপৰা পাপিকণ্ডলুলৈ আহি আছিল।












