![]()
স্বাস্থ্য প্ৰতিবেদন:
ডালচেনিত প্ৰচুৰ পৰিমাণে আইৰণ, কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ফচফৰাছ, জিংক ক’পাৰ, মেংগানিজ, ভিটামিন-এ, চি, ই, কে আদি উপাদান পোৱা যায়।

# ডালচেনিৰ ব্যৱহাৰে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়।
# এণ্টি-অক্সিডেণ্ট গুণ থকাৰ বাবে ডালচেনিয়ে সংক্ৰমণ আৰু ভাইৰাছ প্ৰতিৰোধ কৰাত সহায় কৰে।
# ডালচেনিৰ ব্যৱহাৰে শৰীৰত কেঞ্চাৰ কোষ গঠনত বাধা প্ৰদান কৰে।
# ডায়েবেটিছ ৰোগীৰ আহাৰত এক চামুচ ডালচেনিৰ গুড়ি মিহলাই খালে শৰীৰত ৰক্ত শৰ্কৰাৰ পৰিমাণ কম হয়।
# নিয়মীয়াকৈ খালি পেটত আধা চামুচ ডালচেনিৰ গুড়ি একাপ গৰম পানীৰ সৈতে খালে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণলৈ আহে।
# এচামুচ ডালচেনিৰ গুড়িৰ লগত দুচামুচ মৌ ৰস মিহলাই খালে অপকাৰী কলেষ্টৰল কম হয়। হৃদযন্ত্ৰ সুৰক্ষিত হয়।
# মৌ ৰস বা মাখনৰ লগত ডালচেনিৰ গুড়ি মিহলাই খালে স্মৃতিশক্তি বৃদ্ধি হয়, মগজু সুস্থ ৰখাত সহায় কৰে।
# ডালচেনি উতলাই সেই পানীৰে কুলি-কুলি কৰিলে মুখৰ দুৰ্গন্ধ দূৰ হয়, দাঁত সুস্থ ৰাখে।
# ডালচেনিৰ ব্যৱহাৰে বতৰৰ জ্বৰ-কাহৰ পৰা ৰক্ষা পাব পাৰি।
# মেদবহুলতা কম কৰাত সহায় কৰে।
# শৰীৰৰ ছাল ভালে ৰাখে। এলাৰ্জি জনিত সমস্যা প্ৰতিৰোধ কৰে।
# টি বি, হাপানী আদি শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে অতি উপকাৰী।
# ডালচেনিৰ চাহত আদা আৰু মৌ মিহলাই সেৱন কৰিলে ঔষধি গুণ পোৱা যায়।













