ASSAM TIMES POST
ছাইদুল ইছলাম, ডিফুঃ সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থা চমুকৈ আকাছুৰ প্ৰথম প্ৰতিষ্ঠা দিৱসটি আজি ডিফুৰ জিলা প্ৰেছ ক্লাৱত বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰে ৷
আকাছুৰ কাৰ্বি আংলং জিলা সমিতিৰ উদ্যোগত কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙ ও আকাছুৰ সমূহ বিষয়ববীয়া আৰু সদস্য সকলৰ উপস্থিতিত কেক কাটি প্ৰতিষ্ঠা দিৱস পালন কৰা হয় ৷
ইয়াৰ পিছত মুকলি সভাত আকাছুৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙে নিজৰ ভাষণ প্ৰসংগত সদৌ অসম খিলঞ্জীয়া ছাত্ৰ সন্থাৰ ইতিহাস আৰু খিলঞ্জীয়া ছাত্ৰ সন্থাক আজিৰ পৰ্যায়ত উপনীত কৰিবলৈ কেন্দ্ৰীয় নেতৃবৰ্গই কৰা প্ৰচেষ্টাক শলাগ লয় ৷
অসমত বসবাস কৰা জাতি ,বৰ্ণ, ধৰ্ম নিৰ্বিশেষে সকলো জনগোষ্ঠীৰ খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ সামগ্ৰিক বিকাশৰ অধিকাৰ সাব্যস্থ কৰিবলৈ ঐক্যবদ্ধভাবে সংগ্ৰাম চলাই নিয়াত আকাছু সংকল্পবদ্ধ বুলি কয় ৷ এবছৰীয়া কাৰ্যকাল অতিক্ৰম কৰি বিশেষ সফলতা বা প্ৰাপ্তি নহলেও কাৰ্বি আংলং জিলাৰ লগতে অসমৰ বিভিন্ন প্ৰান্তত আকাছুৰ জনপ্ৰিয়তা ক্ৰমাৎ বৃদ্ধি পাইছে লগতে অসমৰ বিভিন্ন প্ৰান্তত আকাছুৰ শাখা কাৰ্যালয় গঠন হৈছে বুলি সাংবাদিকৰ আগত ব্যক্ত কৰে কেন্দ্ৰীয় কাৰ্যকৰী সভাপতি প্ৰদীপ ইংলেঙে ৷
আজিৰ বৰ্ষপূৰ্তি অনুষ্ঠানটোত ক্ৰমে আকাছুৰ কাৰ্বি আংলং জিলা সমিতিৰ সভাপতি ভৰত ৰংহাঙ, সম্পাদক ভিয়াৰেছ দৈমাৰী, বিত্ত সম্পাদক গোলাব খান, বিজেপিৰ কিষাণ মৰ্চাৰ লাংচ’মেপী ব্লকৰ সম্পাদক ৰবীন্দ্ৰ চিংনাৰ, কেএছএৰ বকলিয়া জিলা সমিতিৰ প্ৰাক্তন সভাপতি ও কেন্দ্ৰীয় সমিতিৰ প্ৰাক্তন সদস্য বাবুছিং তেৰাঙ উপস্থিত থাকে৷