![]()
নিউজ ডেস্কঃ
কৰোনা টীকা উৎপাদনৰ দৌৰত এইবাৰ ৰিলায়েন্স। ভাৰতৰ সৰ্ববৃহৎ ব্যক্তিগত কোম্পানী ‘লাইফ ছায়েন্স’ শাখাই উক্ত টীকাৰ ক্লিনিকেল ট্রায়েলৰ অনুমতি লাভ কৰিছে। বিগত বহু দিন ধৰি এই টীকা সন্দৰ্ভত গৱেষণা চলাইছিল ৰিলায়েন্সে। তাৰ পিছতেই ট্রায়েলৰ আবেদন জনোৱা হয় ড্রাগ কন্ট্রোল বোর্ডৰ ওচৰত। লাভ কৰে অনুমতিও।
উল্লেখ্য, বৃহস্পতিবাৰে ৰিলায়েন্সৰ দুটা পালিৰ এই টীকাৰ ট্রায়েলৰ আবেদনৰ বিষয়টি পৰীক্ষা কৰে ড্রাগ নিয়ন্ত্রক সংস্থাই। জানিব পৰা মতে, ক্লিনিকেল ট্রায়েলৰ পিছত নিৰাপত্তাৰ দিশসহ আৰু বিভিন্ন দিশ পৰীক্ষা কৰিব ৰিলায়েন্সে। ট্রায়েল চলিব ৫৮ দিন। ইয়াৰ পিছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ট্রায়েলৰ দিশে আগবঢ়াৰ পৰিকল্পনা ৰিলায়েন্সৰ।













