![]()
স্বাস্থ্য প্ৰতিবেদন:
ঢেকীয়া সাধাৰণতে শুকান ভাজি, আন পাচলিৰ সৈতে আঞ্জা বনাই, চাহৰ দৰে, চালাদ কৰি, আচাৰ বনাই খোৱা যায়৷ থোৰতে ক’বলৈ হ’লে অসমীয়া ৰান্ধনীয়ে চৰুত ৰন্ধা মাছ, ঔটেঙা, ঢেকীয়া আাদিৰ নানাবিধ সুস্বাদু ব্যঞ্জনে যিকোনো ব্যক্তিৰে মন পৰিতৃপ্ত কৰি তুলিব পাৰে৷
কিন্তু সিজোৱাৰ আগতে ঢেকীয়াশাক কেইবাবাৰো ভালকৈ ঘঁহি ঘঁহি ধুব লাগে৷ ভালদৰে নুধুলে আৰু আধা সিজাকৈ খালে ওকালি, বমি, পেটৰ বিষ, হাগনি, জ্বৰ আদি উপসৰ্গই দেখা দিব পাৰে৷
ঢেকীয়াত থকা লাগতিয়াল তত্ববোৰ হৈছেঃ শক্তি- ১০০ গ্ৰাম ঢেকীয়াত ৩৫ কেলৰি, কাৰ্বোহাইড্ৰেট- ৪ শতাংশ, প্ৰ’টিন- ৮ শতাংশ, ফেট- ২ শতাংশ, কলেষ্টেৰল ০, ভিটামিন-এ, ভিটামিন-বি (গোট), ভিটামিন-চি; ছডিয়াম ১ শতাংশৰো কম, পটাচিয়াম ৮ শতাংশ; মিনাৰেল, কেলচিয়াম ৩ শতাংশ, ক’পাৰ ৩৫ শতাংশ, আইৰণ ১৬ শতাংশ, মেগনেছিয়াম ৮-৫ শতাংশ, মেংগানিজ ২২ শতাংশ, জিংক ৭-৫ শতাংশ আৰু চেলেনিয়াম ১ শতাংশ৷ আৰু আছে বিটা-কেৰটিন, এন্টিঅক্সিডেন্ট, অমেগা-৩, অমেগা-৬ আৰু লাগতিয়াল ফেটি এচিড৷
ঢেকীয়াৰ উপযোগিতা :
লিভাৰৰ অসুখত উপযোগী- নানান কাৰণত দেখা দিয়া জণ্ডিচ, লিভাৰৰ চিৰচিচ, টিউমাৰ, ভাইৰাচজনিত ৰোগত ব্যৱহৃত৷
পাক প্ৰণালীত- ৰুচি বঢ়ায়, শৌচ-কচা আঁতৰায়৷
ফিটা পেলুৰ চিকিৎসাত প্ৰমাণিত৷
ডায়েবেটিছৰ উপযোগী শাক৷
দৃষ্টিশক্তিৰ উন্নতি সাধে৷
উচ্চ ৰক্তচাপ কমোৱাত পটাচিয়ামে ভূমিকা লয়৷
কেঞ্চাৰ- হাওঁফাওঁ, বক্ষ আৰু মুখৰ, ছালৰ কৰ্কটৰোগ৷
মহিলাৰ স্তনৰ ৰোগ- প্ৰসৱৰ পিছত হোৱা স্তনৰ বিষ, স্তনাগ্ৰ ফাটি যোৱাত ঢেকীয়াৰ শিপাৰে চিকিৎসা দিয়া হয়৷ ঢেকীয়া খালে মাতৃদুগ্ধৰ উন্নতি ঘটে৷
বক্ষৰোগ, কাহ- শ্বাসজনিত ৰোগৰ উপশম হয়৷ বহুতৰ ধাৰণা ঢেকীয়া বিজলুৱা খাদ্য বাবে কাহ, পানীলগা আদিৰ বাবে বেয়া৷ ঢেকীয়া শুকানকৈ ভাজিলে বিজলুৱা ভাব নাইকিয়া হয়৷ আকৌ ঢেকীয়াৰ শিপাৰ চাহ বনাই খালে হাওঁফাওঁ উপকৃত হয়৷ অক্সিজেনৰ প্ৰবাহ ভাল হয়৷ কাহ কমে- উশাহ লোৱাৰ কষ্ট দূৰ হয়৷
ঢেকীয়াশাকৰ বাতনাশক গুণ আছে৷
শক্তিবৰ্ধক আৰু যৌন দুৰ্বলতা আঁতৰ কৰাত সহায়ক৷
ঢেকীয়াৰ শিপাৰ গুড়িৰ পাউডাৰ লগালে ঘা শুকায়৷
ঢেকীয়াশাকৰ বিকিৰণৰোধক গুণ (Anti radiation power ) আছে বুলি চিনাক্ত হৈছে৷
অতি সুলভ মূল্যত উপলব্ধ উচ্চমানৰ প্ৰ’টিন ভিটামিনযুক্ত অনেক গুণকাৰী স্বাদিষ্ট খাদ্য৷
(বিঃদ্ৰঃ প্ৰয়াত ডাঃ ভূপেন কুমাৰ শইকীয়াৰ ফেচবুক পোষ্টৰ পৰা সম্পাদিত)













