![]()
নিউজ ডেস্কঃ
মাহত এক কোটি কোভিড টীকা উৎপাদনৰ লক্ষ্য লৈছে জাইডাছ কেডিলাই। সম্প্রতি ভাৰতত ১২ বছৰৰ ঊর্ধ্বৰ সকলোকে জাইকভ-ডি টীকা দিয়াৰ অনুমতি দিয়া হৈছে। তাৰ পিছতেই এই সিদ্ধান্ত লোৱা হৈছে। অনুমতি লাভত পলম হোৱাৰ কাৰণেই টীকা উৎপাদনত কিছু সময় লাগিছে বুলিও জানাইছে কোম্পানীটোৱে।
এক সংবাদমেলত জাইডাছ কেডিলাৰ পৰিচালন সঞ্চালক ছর্বিল পেটেলে কয়, ‘‘অনুমতি পোৱাত পলম হোৱাত নতুন কাৰখানা নিৰ্মাণ কৰিবলৈ ৪৫ দিন পলম হৈছে আমাৰ। অক্টোবৰৰ পৰা আমি উৎপাদন বঢ়াম।’’ তেওঁ লগতে জনায় যে প্রাথমিক টীকা মজুত কৰি ৰখা আছে। কিন্তু পৰৱর্তী সময়ত ভাৰততেই টীকা উৎপাদন কৰা হ’ব।
আগন্তুক ৪৫ দিনত ৩০-৪০ লাখ টীকা উৎপাদন কৰিব কোম্পানীটোৱে। তাৰ পিছত অক্টোবৰৰ পৰা এক কোটি টীকা উৎপাদনৰ লক্ষ্য লোৱা হৈছে। চৰকাৰক টীকা দিব কোম্পানীটোৱে। তাৰ পিছত কেনেদৰে সেই টীকা দেশবাসীক দিয়া হ’ব সেই সিদ্ধান্ত ল’ব চৰকাৰে। টীকাৰ মূল্য কিমান হ’ব সেয়াও অহা কেইসপ্তাহমানৰ ভিতৰতে প্ৰকাশ কৰা হ’ব বুলিও জনাইছে জাইডাছ কেডিলাই।











