![]()
নিউজ ডেস্কঃ
চৰকাৰী বা বেচৰকাৰী স্কুল, কলেজ আৰু বিশ্ববিদ্যালয়ত একেলগে পঢ়া-শুনা কৰিব নোৱাৰিব ল’ৰা-ছোৱালীয়ে। আফগানিস্তান দখল নিশ্চিত কৰাৰ পিছত হেৰাটত প্রথম ফতোৱা জাৰি কৰিলে তালিবানে। শনিবাৰে উক্ত প্রদেশৰ বিভিন্ন স্কুল, কলেজ আৰু বিশ্ববিদ্যালয় কর্তৃপক্ষৰ সৈতে আলোচনাৰ পিছতেই এই সিদ্ধান্ত সংগঠনটোৰ নেতৃত্বই লোৱা বুলি জানিব পৰা গৈছে।
হেৰাট প্রদেশৰ চৰকাৰী আৰু ব্যক্তিগত বিশ্ববিদ্যালয়সহ সকলো শিক্ষা প্রতিষ্ঠানৰ অধ্যাপকসকলৰ সৈতে তিনি ঘণ্টাৰ বৈঠকৰ অন্তত তালিবান নেতা মোল্লা ফৰিদে কয়, ‘‘সমাজত পচন ধৰাৰ মূলতেই আছে ল’ৰা-ছোৱালীৰ একেলগে শিক্ষা। বিকল্প কোনো ৰাস্তা নাই। ল’ৰা-ছোৱালীৰ একেলগে পঢ়া-শুনা বন্ধ কৰিব লাগিব। মহিলা অধ্যাপকে কেৱল ছোৱালীসকলকহে পঢ়ুৱাব পাৰিব।’’
উল্লেখ্য, ২০০১ চনত তালিবানী শাসনৰ প্রথম পর্ব শেষ হোৱাৰ পিছত বিগত দুই দশক ধৰি আফগানিস্তানত ল’ৰা-ছোৱালীয়ে একেলগে পঢ়া-শুনা বা ‘সহপাঠ্যক্ৰম’ শিক্ষা নীতি সকলো শিক্ষা প্রতিষ্ঠানতে প্ৰচলিত হৈ আহিছিল। কিন্তু আফগানিস্তানত তালিবানৰাজ ঘূৰি অহাৰ লগে লগেই হেৰাটত পুনৰ পুৰণি নীতি প্ৰৱৰ্তন কৰা হ’ল। তালিবান নেতৃত্বৰ এই সিদ্ধান্তৰ ফলত চৰকাৰী শিক্ষা প্রতিষ্ঠানবোৰৰ বিশেষ সমস্যা নহ’লেও ব্যক্তিগত স্কুল, কলেজ তথা বিশ্ববিদ্যালয়বোৰ ডাঙৰ সমস্যা তপৰিব বুলি দেশখনৰ শিক্ষাবিদসকলৰ মত।











