![]()
নিউজ ডেস্কঃ
দেওবাৰে আফগানিস্তানৰ ৰাজধানী কাবুল তালিবানে দখল কৰাৰ পিছতেই সক্রিয় হৈছে পাক সমৰ্থনপ্ৰাপ্ত জইশ, লস্কৰসহ একাধিক সন্ত্ৰাসবাদী গোট। ভাৰতীয় চোৰাংচোৱাৰ আশঙ্কা, ইয়াৰ ফলত দেশৰ সীমান্তত সন্ত্রাস বৃদ্ধি পাব পাৰে। কাশ্মীৰতো সক্রিয় হ’ব পাৰে সন্ত্ৰাসবাদী। ইয়াৰ মাজতেই শুক্রবাৰে কাশ্মীৰত নিৰাপত্তাৰক্ষীৰ সৈতে সংঘৰ্ষত নিহত হয় ২ হিজবুল মুজাহিদিন সন্ত্ৰাসবাদী।
এএনআই সূত্রৰ খবৰ মতে, পুলৱামা জিলাৰ অবন্তীপোৰাত সেনাৰ সৈতে সংঘর্ষত নিহত হৈছে দুই সন্ত্ৰাসবাদী। ঘটনাস্থলীৰ পৰা যথেষ্ট পৰিমাণৰ অস্ত্র-শস্ত্ৰ উদ্ধাৰ কৰা হৈছে। অঞ্চলটোত সন্ত্ৰাসবাদী লুকাই থকাৰ খবৰ পায় চোৰাংচোৱাই। তাৰ পিছতেই এলেকাটো ঘেৰাও কৰে সেনা, অৰ্ধ সামৰিক বাহিনী আৰু কাশ্মীৰ আৰক্ষীৰ এটি যৌথবাহিনীয়ে। জোৱানসকলক দেখি গুলী চলাবলৈ আৰম্ভ কৰে সন্ত্ৰাসবাদীয়ে। নিকাপত্তাৰক্ষীয়েও গুলীচালনা কৰে। এই গুলীয়াগুলীতে নিহত হয় দুই সন্ত্ৰাসবাদী।











