![]()
নিউজ ডেস্কঃ
তালিবানৰ নতুন ৰাজত্বত মহিলাসকলৰ প্রতি অধিক মানৱীয় হোৱাৰ আশ্বাস দিছে তালিবান নেতৃত্বই। তেওঁলোকে জনাইছে, মহিলাসকলো স্কুললৈ আৰু কর্মক্ষেত্রলৈ অবাধে যাতায়াত কৰিব পাৰিব। অৱশ্যে শৰিয়ত আইন মানি। কিন্তু তালিবান নেতৃত্বৰ এই প্রতিশ্রুতিত আস্থা ৰখা সন্দৰ্ভত সতর্ক কৰিলে আফগানিস্তানৰ প্রথম মহিলা বায়ুসেনা পাইলট নিলুফাৰ ৰহমানিয়ে।
এতিয়ালৈকে আফগানিস্তানতে আবদ্ধ হৈ আছে ৰহমানিৰ পৰিয়াল। দেওবাৰে তালিবান বাহিনীয়ে কাবুল দখলৰ পিছৰ পৰাই পৰিয়ালক লৈ দুশ্চিন্তাত টোপনি নোহোৱা হৈছে তেওঁৰ। ২০১৩ চনৰ পৰা ৰহমানিকো একাধিকবাৰ হত্যাৰ ভাবুকি দিছে তালিবানে। লক্ষ্য কৰা হৈছিল তেওঁৰ পৰিয়ালকো। ২০১৫ চনত আফগানিস্তান এৰি ভাৰতলৈ গুচি আহে ৰহমানি। তাৰ পিছত ২০১৮ চনত আশ্রয় লয় আমেৰিকাত।
সংবাদ মাধ্যমৰ আগত নিজৰ আশঙ্কাৰ কথা প্ৰকাশ কৰি ৰহমানিয়ে কয়, কিছু দিনৰ ভিতৰতে প্ৰকৃত চৰিত্ৰ ওলাই পৰিব তালিবানৰ। স্বমূর্তি ধাৰণ কৰিব। আকৌ ৰাজপথত শিল দলিয়াই হত্যা কৰা হ’ব। তেওঁ কয়, ‘‘পুনৰ মোক আৰু মোৰ পৰিয়ালক ভাবুকি দিয়া আৰম্ভ হৈছে। তেওঁলোকৰ মতে, আমি ভাল মুছলিম মহিলা নহয়। আমি হেনো আমাৰ সংস্কৃতি পাহৰি গৈছো। আমি মৰি যোৱাই উচিত।’’











