![]()
নিউজ ডেস্কঃ
কাবুল তালিবানৰ দখলত যোৱাৰ পিছৰ পৰাই দেশ এৰিবলৈ তৎপৰতাৰ সৃষ্টি হৈছে আফগানসকলৰ মাজত। বিমানবন্দৰৰ বাহিৰত সমবেত হৈছে হাজাৰ হাজাৰ মানুহ। কিন্তু বিগত কেইটামান দিনৰ ভিতৰতেই পৰিস্থিতি অশান্ত হৈছে কাবুলত। ইতিমধ্যে তালিবানৰ গুলীত প্ৰায় ১২ জন নিহত হৈছে। কাবুল বিমানবন্দৰৰ বাহিৰত অপেক্ষা নকৰি আফগানসকলক ঘৰলৈ যোৱাৰ নির্দেশ দিছে তালিবানে।
এক আন্তর্জাতিক সংবাদ মাধ্যমৰ সূত্র মতে, তালিবানে জনাইছে যে তেওঁলোকে ৰক্তপাত নিবিচাৰে। কিন্তু তালিবানৰ বিৰুদ্ধে আফগানসকলৰ প্রতিবাদ সমাবেশত গুলী চলাইছে তেওঁলোকে। সেই গুলীত নিহত হৈছে তিনিজন। বিমানবন্দৰৰ বাহিৰতো কেইবাজনো নিহত হৈছে। তালিবানৰ এগৰাকী বিষয়াই জনোৱা মতে, দেওবাৰৰ পৰা কাবুলত প্ৰায় ১২ জনৰ মৃত্যু হৈছে। অৱশ্যে তেওঁলোকে কয় যে বিমানবন্দৰত তেওঁলোকে কাকো আঘাত কৰিব বিচৰা নাই। সেয়ে যিসকলে বিমানবন্দৰৰ বাহিৰত অপেক্ষা কৰি আছে তেওঁলোকক ঘৰলৈ উভতি যাবলৈ কৈছে।
ইফালে কাবুলৰ হামিদ কাৰজাই বিমানবন্দৰৰ বাহিৰত প্রায় ৫০ হাজাৰ লোকে অপেক্ষা কৰা বুলি খবৰ ওলাইছে। কিন্তু বিমানবন্দৰত প্ৰৱেশৰ দুয়োখন দুৱাৰেই তালিবানৰ দখলত। ফলে বিমানবন্দৰৰ ভিতৰত প্রবেশ কৰাত সমস্যা হৈছে। কেৱল বিদেশী পাছপোর্ট আৰু ভিছা থকাসকলকহে বিমানবন্দৰত প্ৰৱেশ কৰিব দিয়া হৈছে। অৱশ্যে এই বিশৃঙ্খল পৰিস্থিতিৰ বাবে বহু বিদেশী নাগৰিকো বিমানবন্দৰত প্রবেশ কৰিব পৰা নাই। ফলত বহু কম যাত্রী লৈয়েই উভতিবলগা হৈছে বিমানবোৰ।











