![]()
নিউজ ডেস্কঃ
তালিবানে কাবুলৰ দখল কৰাৰ পিছত অন্য বহুতৰ দৰে তেওঁলোকো দেশ এৰি পলাব বিচাৰিছিল। কিন্তু ঠাই নাছিল বিমানৰ ভিতৰত। আপ্ৰাণ চেষ্টাৰ মূৰত সাবটি ধৰিছিল বিমানৰ লেণ্ডিং গিয়াৰত। ভাবিছিল, তেনেদৰেই পলাব তালিবানৰ হাতৰ পৰা। কিন্তু এবাৰো অনুমান কৰা নাছিল যে বিমানৰ লেণ্ডিং গিয়াৰত ধৰি বেছি দূৰ যাব নোৱাৰিব বুলি। ভাবিবই পৰা নাছিল যে কাবুলৰ আকাশসীমা এৰাৰ পূৰ্বেই তেওঁলোক আকাশৰ পৰা খহি পৰিব লাগিব বুলি! যি দৃশ্য দেখি পৰৱৰ্তী সময়ত শিয়ৰি উঠে সমগ্ৰ বিশ্ব। সোমবাৰৰ সেই ঘটনাই একে কোবে আফগানিস্তানৰ পৰা কাবুলৰ দিশে দৃষ্টি ঘূৰাইছিল সমগ্ৰ বিশ্বৰ। এনে ঘটনা সাম্প্রতিক কালত কোনেও দেখা নাই। তাতোকৈ ডাঙৰ কথা, বিমানৰ পৰা খহি পৰা দুয়ো ব্যক্তি সম্বন্ধত ককাই-ভাই, সহোদৰ ৷
দুই ভাতৃৰ নাম ৰেজা আৰু কবীৰ। তেওঁলোক একে মাতৃৰে সন্তান। বিমানৰ পৰা পৰাৰ পিছত কবীৰ এতিয়াও সন্ধানহীন। আনহাতে, বিমানৰ পপৰা পৰাৰ কেইঘণ্টামান পিছত কাবুল বিমানবন্দৰৰ পৰা কিছু দূৰৈত সোমবাৰেই উদ্ধাৰ হয় ৰেজাৰ ছিন্নভিন্ন মৃতদেহ। কবীৰৰ আত্মীয়-স্বজনৰ এতিয়াও আশা, “আমি ৰেজাক হেৰুৱাইছো। কিন্তু এতিয়াও কবীৰৰ আশা বুকুত বান্ধি আছো।” এখনৰ পিছত আনখন হস্পিটেললৈ দৌৰিছে কবীৰৰ পিতৃ-মাতৃ। কিন্তু বৃহস্পতিবাৰ পর্যন্ত ক’তো সন্ধান পোৱা নাই কবীৰৰ। তেওঁলোকৰ আশা, “জীৱিত বা মৃত যিকোনোভাবেই হওক কবীৰক যেন ঘূৰাই পায়। তাকে লৈ তেওঁলোকে সান্ত্বনা লভিব ৷











