![]()
নিউজ ডেস্কঃ
দেওবাৰে তালিবানে ৰাজধানী কাবুল দখল কৰাৰ পিছৰে পৰা অতি ভয়ংকৰ হৈছে সমগ্ৰ দেশখনৰ পৰিস্থিতি৷ গাঁও-চহৰ সকলোতে কেৱল চৰম বিভীষিকা৷ তেনে পৰিস্থিতিত দেশ এৰিবলৈ ব্যাকুল হৈ পৰিছে আফগান নাগৰিকসকল। তাৰেই প্রমাণ পোৱা গৈছে কাবুল বিমানবন্দৰৰ এটি ভাইৰেল ভিডিওত। তাৰ লগে লগে এইবাৰ ভাইৰেল হৈছে আৰু এখন ছবি। য’ত দেখা গৈছে, মার্কিন সেনা বিমানত হেঁচা-ঠেলাকৈ বহি আছে ৬৪০ জন আফগান নাগৰিক।

ইয়াৰ পূৰ্বে মার্কিন বায়ুসেনাৰ চি–১৭ গ্লোবমাষ্টাৰত একেলগে ইমানজন কেতিয়াও উঠা নাই। কিন্তু বৰ্তমান আফগানিস্তানত পৰিস্থিতি অন্য ধৰণৰ। ছবিত দেখা গৈছে, বিমানখনৰ মজিয়াত বহি আছে প্ৰায় ৬০০ জন আফগান। কাৰোবাৰ কোলাত শিশু, বহুকেইগৰাকী আকৌ মহিলাও আছে। সকলোৰে মুখত আতঙ্ক। লগত নাই কোনা বস্তু-বাহানি। কেৱল পিন্ধা কাপোৰেৰেই ঘৰৰ পৰা ওলাই আহিছে তেওঁলোক। ঘৰ-ভেটি, জীৱনৰ সঞ্চয় আত্মীয়, স্বজন, প্ৰতিবেশী, অতি আপোনজনকো এৰি আহিবলগা হৈছে। মার্কিন বায়ুসেনাৰ নিউজ ৱেবছাইটৰ পৰা জানিব পৰা মতে, বিমানখনে আফগানসকলক কাটাৰত নমাই দিছে।











