![]()
নিউজ ডেস্কঃ
দেৱাল বগাই কাবুল বিমানবন্দৰত প্ৰৱেশৰ চেষ্টা চলোৱা এজন ব্যক্তিক লক্ষ্য কৰি গুলিয়াই তালিবান যোদ্ধাই! মঙ্গলবাৰৰ এনে এটি ভিডিও ছচিয়েল মিডিয়াত বিয়পি পৰিছে। যিটো চাই আতঙ্কিত হৈ পৰিছে আফগানিস্তানৰ জনসাধাৰণ।
ভিডিওটি টুইটাৰত প্রকাশ কৰিছে আভাস্কা নামৰ এটি সংবাদ সংস্থাই। চাৰি ছেকেণ্ডৰ উক্ত ভিডিওটি অৱশ্যে কেতিয়া তোলা হৈছে, সেয়া জনোৱা নাই সংবাদ সংস্থাটিয়ে। কিন্তু কোৱা হৈছে যে কাবুল বিমানবন্দৰৰ দেৱালৰ ওপৰত উঠা ব্যক্তিজনক তলত ক’লা পোছাক পৰিহিত এজন তালিবান যোদ্ধাই গুলী চলায়।.
https://twitter.com/AsvakaNews/status/1427496891067994114
ভিডিওটোৰ বিৱৰণত সংবাদ সংস্থাটিয়ে লিখিছে, ‘তেওঁ ভাবিছিল, তালিবান যোদ্ধাসকলে পূৰ্বৰ চৰকাৰৰ আৰক্ষীৰ দৰে আচৰণ কৰিব। কিন্তু আচলতে তালিবানী আচৰণৰ ভাষা সম্পূর্ণ পৃথক। ব্যক্তিজনে কাবুল বিমানবন্দৰত প্ৰৱেশ কৰিব বিচাৰিছিল। তাকে দেখি তালিবান যোদ্ধাজনে তেওঁক লক্ষ্য কৰি গুলী চলায়।’
মঙ্গলবাৰে ছচিয়েল মাধ্যমত বিয়পি পৰা এই ভিডিওটোৱে নতুন আতঙ্ক বিয়পাইছে।











