![]()
নিউজ ডেস্কঃ
আবদ্ধ হৈ পৰা ভাৰতীয়সকলক উদ্ধাৰ কৰি দেশলৈ উভতাই অনাৰ বাবে কাবুলত উপস্থিত হ’ল বায়ুসেনাৰ বিমান। দেওবাৰে তালিবানৰ কাবুল দখলৰ পিছত নিশা এয়াৰ ইণ্ডিয়াৰ অন্তিমখন যাত্ৰীবাহী বিমান ভাৰতত উপস্থিত হয়। কেন্দ্রৰ তৰফৰ পৰা ঘোষণা কৰা হয় যে ইয়াৰ পিছৰ পৰা আবদ্ধ হৈ থকা ভাৰতীয়সকলক আনিবলৈ আফগানিস্তানলৈ যাব কেৱল বায়ুসেনাৰ বিমান। সেই ঘোষণা অনুসৰি সোমবাৰে আফগান মুলুকত আবদ্ধ হৈ পৰা ভাৰতীয় দূতাবাসৰ কর্মচাৰী আৰু তেওঁলোকৰ পৰিয়ালক উভতাই আনিবলৈ কাবুললৈ যায় এই বিমান।
আনহাতে, আফগানিস্তানৰ তৰফৰ পৰা দেশখনৰ বিমানপথ ইতিমধ্যে বন্ধ কৰি দিয়া হৈছে। কিন্তু আমেৰিকাৰ সেনা বাহিনীৰ সহায়ত কাবুল বিমানবন্দৰত একাধিক দেশৰ বায়ুসেনাৰ বিমান উপস্থিত হৈছে, উদ্ধাৰ কৰিছে নাগৰিকসকলক।











