![]()
নিউজ ডেস্কঃ
তালিবান অভ্যুত্থানৰ কাৰণে আফগানিস্তান ক্রিকেট দলৰ আসন্ন টি-২০ বিশ্বকাপত অংশগ্রহণক লৈ যি আশঙ্কাৰ সৃষ্টি হৈছে, সেয়া এক প্ৰকাৰ নাকচ কৰিছে তালিবান মুখপাত্র চুহাইল শাহীনে।
মুখপাত্র চুহাইল শাহীনে উর্দু নিউজক দিয়া এক সাক্ষাৎকাৰত কৈছে যে তালিবানেই আফগানিস্তানলৈ ক্রিকেট আনিছে। এতিয়া তেওঁলোক ক্ষমতালৈ আহিলে ক্রিকেট খেলা অব্যাহত থাকিব আৰু ক্রিকেটৰ উন্নয়নৰ কাম কৰা হ’ব।
চুহাইল শাহীনে কয়, আফগান ক্রিকেট দলৰ খেল অব্যাহত থাকিব। ক্রিকেটৰ উন্নতি সাধনত আমি অতীতৰ দৰে কাম কৰিম। যিসময়ত আমি ক্ষমতালৈ আহিছিলো, তেতিয়া আফগান ক্রিকেটকতো আমিয়েই সমগ্ৰ বিশ্বত চিনাকি কৰাই দিছো।
উল্লেখযোগ্য যে, তালিবান অভ্যুত্থানত শঙ্কিত আফগান তাৰকা ক্রিকেটাৰ ৰচিদ খানে এক টুইট বার্তাত কৈছে, আমাৰ দেশ সংকটৰ চিকাৰ হৈছে, আমাক যেন বিশ্ববাসীয়ে এনে অৱস্থাত এৰি নিদিয়ে।











