স্বাস্থ্য প্ৰতিবেদন:
বহু গৱেষণাই দাবী কৰিছে যে শক্তিশালী ৰোগ প্রতিৰোধ ক্ষমতা থকা লোকৰ দেহলৈ সহজতে ক’ৰোনা ভাইৰাছ সংক্রমিত নহয়।
ৰোগ প্রতিৰোধ ক্ষমতা শক্তিশালী কৰাৰ বাবে, খাদ্য আৰু পানীয় সম্পর্কে বিশেষ মনোযোগ দিব লাগিব। প্রথমতে আপুনি জনা উচিত যে কোন বিষয়বোৰে প্রতিৰোধ ব্যৱস্থাক দুর্বল কৰে।
এলকহল গ্রহণ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক। অতিৰিক্ত পৰিমাণত এলকহল গ্রহণৰ ফলত প্রতিৰোধ ক্ষমতা দুর্বল হৈ যায়।
অতিৰিক্ত পৰিমাণে নিমখ গ্রহণে প্রতিৰোধ ক্ষমতা দুর্বল কৰি পেলায়। এটি গৱেষণাত দাবী কৰা হৈছে যে উচ্চ মাত্রাত নিমখ গ্ৰহণৰ ফলত বেক্টেৰিয়াবোৰৰ সৈতে শৰীৰৰ যুঁজাৰ ক্ষমতা হ্রাস পায়।
আপোনাৰ প্রতিৰোধ ক্ষমতা সঠিক ৰাখিবলৈ যিমান পাৰি কম মিঠা বস্তু গ্রহণ কৰক। মিঠা বস্তু খালে প্রতিৰোধ ক্ষমতা দুর্বল কৰি তোলে।
কেফিনৰ অতিৰিক্ত পৰিমাণে প্রতিৰোধ ক্ষমতা দুর্বল কৰি দিয়ে। আপুনি যদি প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব বিচাৰে, তেন্তে কেফিন গ্রহণ কমাই অনা উচিত। মনত ৰাখিব যে শোৱাৰ সময়ত কেফিন খোৱা উচিত নহয়।
ছ’ডা আৰু এনার্জি ড্রিঙ্ক গ্রহণেও প্রতিৰোধ ক্ষমতা দুর্বল কৰি দিয়ে। গতিকে এইবোৰ এৰাই চলা উচিত।