![]()
নিউজ ডেস্কঃ
প্লাষ্টিক ব্যৱহাৰ নিয়ন্ত্রণত উদ্যোগী হ’ল কেন্দ্র। এই সন্দৰ্ভত কেইবাটাও ঘোষণা কৰা হৈছে। যিবোৰ প্লাষ্টিক বেগ বোৱা নহয় (নন-উইভেন), প্রতি বর্গমিটাৰত তাৰ ওজন ৬০ গ্রামৰ কম হ’ব নোৱাৰিব। এই নিয়ম আৰম্ভ হ’ব ৩০ ছেপ্টেম্বৰৰ পিছৰ পৰাই। প্লাষ্টিক বর্জ্য ব্যৱস্থাপনা সংশোধন আইন, ২০২১ অনুযায়ী ২০২২ চনৰ ১ জুলাইৰ পৰা এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিক দ্রব্য উৎপাদন, আমদানি, মজুত, বিতৰণ আৰু বিক্ৰী বন্ধ হ’ব। কেৰিবেগৰ উপৰি লজেন্সৰ কাঠি, প্লাষ্টিকৰ কাপ, প্লেট, চামুচ-কাটাৰৰ ক্ষেত্রতো এই নিয়ম প্রযোজ্য।
এই বছৰৰ ৩০ ছেপ্টেম্বৰৰ পিছৰ পৰা প্লাষ্টিক কেৰিবেগৰ ঘনত্ব ৫০ মাইক্রনৰ পৰা ৭৫ মাইক্রন হ’ব আৰু ৩১ ডিচেম্বৰৰ পিছৰ পৰা সেয়া হ’ব ১২০ মাইক্রন।











