![]()
নিউজ ডেস্কঃ
চাৰি বছৰ পূৰ্বে এক দুর্ঘটনাত স্বামীৰ মৃত্যু হয়। শোকত শিলৰ মূৰ্তিৰ দৰে হৈ গৈছিল পত্নী। কিন্তু তাৰ পিছতেই স্বামীয়ে তেওঁক সপোনত দেখা দি মন্দিৰ বনোৱাৰ আদেশ দিয়ে। সেই স্বপ্নাদেশতেই বিগত চাৰি বছৰ ধৰি বগা মার্বল পাথৰৰ মন্দিৰ বনাই তাত স্বামীৰ মূর্তি ৰাখি পূজা কৰি আহিছে পত্নীয়ে। মন্দিৰত আৰতি কৰি ঈশ্বৰৰ পূজা কৰাৰ দৰে পূজা কৰি ভোগ নিবেদন কৰি আহিছে তেৱোঁ।
অন্ধ্রপ্রদেশৰ প্রকাশাম জিলাত এই মন্দিৰটি ২০১৭ চনত নিৰ্মাণ কৰে পদ্মাৱতী নামৰ মহিলাগৰাকীয়ে। উক্ত বছৰতেই নিম্মাভানম গাঁৱৰ বাসিন্দা তেওঁৰ স্বামী গুৰুকুলাৰ মৃত্যু হৈছিল। ১১ বছৰীয়া দাম্পত্য জীৱনৰ ইতি পৰে তেওঁলোকৰ। পদ্মাৱতীৰ দাবী, মৃত্যুৰ কেইদিনমান পিছতেই সপোনত মন্দিৰ নির্মাণৰ আদেশ দিছিল স্বামীয়ে। প্রতি শনি-দেওবাৰ আৰু পূর্ণিমাত এই মন্দিৰত ধূমধামেৰে পূজা কৰে তেওঁ। দুখীয়াসকলক খাদ্যৰ ব্যৱস্থাও কৰে। ইয়াৰ উপৰি বিশেষ বিশেষ দিনতো ধূমধামেৰে স্বামীৰ পূজা কৰে।
কেৱল পদ্মাৱতীয়ে নহয়, গাঁৱৰ অন্য মহিলাসকলো এই মন্দিৰলৈ পূজা দিবলৈ আহে।











