![]()
নিউজ ডেস্কঃ
দেশ বিভাজনৰ ভয়াবহতাক স্মৰণীয় কৰি ৰাখিবলৈ ১৪ আগষ্টক ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ হিচাবে ঘোষণা কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে।
শনিবাৰে পুৱা টুইট কৰি প্রধানমন্ত্রীয়ে কয়, ‘দেশ বিভাজনৰ যি যন্ত্রণা, সেই স্মৃতি কেতিয়াও পাহৰিব পৰা নাযায়। হিংসাৰ কবলত পৰি আমাৰ বহু ভাই-ভনী বেঘৰ হৈছে, প্রাণ হেৰুৱাইছে। তেওঁলোকৰ সেই সংগ্রাম আৰু আত্মত্যাগক স্মৰণ কৰিয়েই ১৪ আগষ্টক ‘বিভাজন বিভীষিকা স্মৃতি দিৱস’ হিচাবে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে।’
সামাজিক বিভাজন, আক্ৰমণৰ যি স্মৃতি দেশবাসীৰ মনত সোমাই গৈছে, সেই বিভাজন, আক্ৰমণৰ পৰা দেশক মুক্ত কৰিবলৈ আৰু ঐক্যৰ বাতাবৰণ গঢ়ি তুলিবলৈয়েই এই দিনটো স্মৰণ কৰা প্রয়োজন বুলি ভাবে প্রধানমন্ত্রীয়ে। তেওঁ লগতে কয়, “এই বিভাজন বিভীষিকা দিৱসেই আমাক মনত পেলাই দিব সামাজিক বিভাজন আৰু অনৈক্যৰ বিষ এৰি পেলোৱা উচিত। ঐক্যৰ বাতাবৰণ গঢ়ি তুলি সমাজক আৰু মজবুত কৰাৰ পথত আগুৱাব লাগিব।”











