স্বাস্থ্য প্ৰতিবেদন:
সৰিয়হৰ তেল বা গুটিৰ সেৱন নিয়মীয়া মাত্ৰাতহে কৰা উচিত। ইয়াৰ অধিক প্ৰয়োগে কৰিব পৰা পাৰ্শ্বক্ৰিয়াসমূহ হ’ল-
১) পাকস্থলীত গৰম অনুভৱ কৰা, গেষ্ট্ৰাইটিছ, বমি, ওকালি আদি হোৱা। সংবেদনশীল ছালত মিঠাতেল সানিলে জ্বলা-পোৰা অনুভৱ আৰু পানী জ্বলা উঠিব পাৰে।
২) কিডনিৰ পাথৰৰ অসুখত ভোগা লোকে মিঠাতেল কমকৈ সেৱন কৰিব।
৩) মিঠাতেলত থকা অক্সালেটে কেলছিয়ামৰ মেটাবলিজিমত অহিতকাৰী প্ৰভাৱ পেলাব পাৰে।
৪) থায়ৰইড হৰমনৰ অসুখত ভোগা ব্যক্তিসকলে কেঁচা মিঠাতেল নাখাব। কেঁচা মিঠাতেলত গৰল কৰিব পৰা তত্ত্ব (Goitrogen) থাকিব পাৰে। মিঠাতেল তপতালে সেই অৱগুণ যায়।
৫) কম বা উচিত পৰিমাণত মিঠাতেল গৰ্ভৱতী মহিলাৰ স্বাস্থ্যৰ বাবে হিতকাৰী। কিন্তু অত্যধিক মাত্ৰাৰ সেৱনে গৰ্ভপাত পৰ্যন্ত কৰিব পাৰে।