![]()
নিউজ ডেস্কঃ
আপুনি যেতিয়া গাড়ীৰে অচিনাকি ৰাস্তাৰে যায়, সেই এলেকাৰ কুকুৰবোৰে আপোনাক এনেদৰে পিছা কৰিব যেন আপুনি সিহঁতৰ ভাগৰ কিবা চুৰি কৰি পলাই গৈছে। কিন্তু কোনোবাই জানেনে কুকুৰে গাড়ীৰ পিছত কিয় দৌৰে?
কুকুৰে গাড়ীৰ টায়াৰত প্রস্রাব কৰি সিহঁতৰ এলেকা নির্ধাৰণ কৰে। এনে পৰিস্থিতিত যেতিয়া অন্য কুকুৰে প্রস্রাব কৰা গাড়ী এখন অন্য এলেকাৰে যায়, তেতিয়া তাৰ কুকুৰে ইয়াৰ গোন্ধ পায় আৰু সেয়া সহ্য কৰিব নোৱাৰে।

যেতিয়া এক এলেকাৰ পৰা কুকুৰ অন্য এলেকাত প্রবেশ কৰে সিহঁতৰ মাজত যুঁজ লাগে। লগতে গাড়ীৰ পিছত দৌৰি সিহঁতে ভাবে যে গাড়ীয়ে সিহঁতক দেখি ভয় খাই পেলাইছে।











