![]()
নিউজ ডেস্কঃ
গাখীৰৰ গিলাচত টোপনিৰ ঔষধ মিহলাই নাবালিকাসকলক অচেতন কৰি যৌন নিৰ্যাতন চলোৱাৰ অভিযোগ উঠিল বিহাৰৰ এক শিশুগৃহৰ কর্মচাৰীৰ বিৰুদ্ধে। এগৰাকী কিশোৰীয়ে প্রথমতে এই অভিযোগ কৰে। ইয়াৰ পিছত তাৰ বাসিন্দা আৰু চাৰিগৰাকী নাবালিকাইও একেই অভিযোগ কৰে। শিশুগৃহটিৰ অধীক্ষকৰ বিৰুদ্ধে ঘটনাটি গাপ দিয়াৰ অভিযোগ উঠিছে।
জানিব পৰা মতে, বুদ্ধগয়াৰ শিশুগৃহৰ উক্ত নিগৃহীতা কিশোৰীয়ে জনাইছে যে নিশা টোপনি যোৱাৰ আগত শিশুগৃহৰ সকলোকে গাখীৰ খাবলৈ দিয়া হয়। সেই সময়তেই তেওঁৰ গাখীৰৰ গিলাচত টোপনিৰ ঔষধ মিহলাই দিয়া হয়। পুৱা টোপনিৰ পৰা উঠাৰ পিছত কিশোৰীগৰাকীয়ে তেওঁৰ সমগ্ৰ শৰীৰত অসম্ভৱ বিষ অনুভৱ কৰে।
ইয়াৰ পিছতেই তেওঁ বুজিূ পাৰে যে তেওঁ যৌন নিৰ্যাতনৰ চিকাৰ হৈছে। কিশোৰীগৰাকীৰ এই অভিযোগৰ সৈতে একমত আৰু চাৰিগৰাকী কিশোৰী। এনে গুৰুতৰ অভিযোগৰ পিছত প্রশাসনৰ গা লৰে। জিলাস্তৰৰ তদন্তকাৰী দলক অহা ২-৩ দিনৰ ভিতৰত ৰিপোর্ট জমা দিবলৈ কোৱা হৈছে। সম্পূৰ্ণ বিষয়টি পৰীক্ষা কৰি চোৱা হৈছে।’











