![]()
নিউজ ডেস্কঃ
কর্নাটক চৰকাৰে স্কুল খোলাৰ কথা চিন্তা কৰাৰ সময়তেই বেঙ্গালুৰুত পোহৰলৈ আহিছে ভয়ংকৰ ছবি। আগষ্টৰ প্রথম দুসপ্তাহৰ ভিতৰতেই কোভিডত আক্রান্ত হ’ল ৫০০ শিশু। যাক লৈ উদ্বেগ আৰু আতঙ্ক বিয়পিছে অভিভাৱকসকলৰ মাজত। অৱশ্যে বৃহৎ বেঙ্গালুৰু মহানগৰপালিকাই (বিবিএমপি) আশ্বস্ত কৰিছে যে বিষয়টিক লৈ অহেতুক উদ্বিগ্ন হোৱাৰ কাৰণ নাই।
বিবিএমপিয়ে জনাইছে যে আক্ৰান্ত হোৱা ৫০০ শিশুৰ ভিতৰত বিগত পাঁচ দিনতেই আক্রান্ত হৈছে ২৬৩ জন। আক্রান্তৰ ভিতৰত ০-৯ বছৰীয়া আৰু ১০-১৯ বছৰীয়াও আছে। ০-৯ৰ ভিতৰত আক্রান্ত হৈছে ৮৮ জন। আক্রান্তসকলৰ ভিতৰত ১০-১৯ বছৰীয়া আছে ৩০৫ জন।











