![]()
নিউজ ডেস্কঃ
এজন বৃদ্ধৰ মৃতদেহ ঘৰৰ ফ্রিজত ভৰাই ৰখাৰ অভিযোগ উঠিল তেওঁৰ নাতিনীৰ বিৰুদ্ধে। ঘটনাটি ঘটিছে তেলেঙ্গানাৰ ৱাৰাঙ্গালৰ পাৰকালা এলেকাত।
বিগত দুদিন ধৰি দুর্গন্ধ পাইছিল চুবুৰীয়াই। সন্দেহ হোৱাত তেওঁলোকে আৰক্ষীক খবৰ দিয়ে। দুৰ্গন্ধৰ উৎসৰ সন্ধান কৰিবলৈ গৈ আৰক্ষী চক খাই উঠে। তেওঁলোকে দেখে, ফ্রিজৰ ভিতৰত ভৰাই থোৱা আছে বৃদ্ধৰ মৃতদেহ। মৃতদেহটো পচিবলৈ আৰম্ভ কৰিছিল।
আৰক্ষীয়ে জনোৱা মতে, এটি ভাড়াঘৰত ককাকক লৈ আছিল নাতিনী নিখিল। বৃদ্ধগৰাকী আছিল অৱসৰপ্রাপ্ত কর্মচাৰী। পেঞ্চনৰ টকাৰেই দুয়োৰে সংসাৰ চলিছিল।
আনহাতে, নিখিলে আৰক্ষীক জনায় যে অসুস্থতাৰ কাৰণে শয্যাশায়ী আছিল ককাক। তিনি দিন পূৰ্বে তেওঁৰ মৃত্যু হৈছে। অন্ত্যেষ্টিক্রিয়াৰ বাবে টকা নথকাত ককাকৰ মৃতদেহ চাদৰেৰে মেৰিয়াই ফ্রিজত ৰাখি থৈছিল।
পিছে নিখিলৰ দাবী সঁচানে মিছা তাৰ তদন্ত কৰিছে আৰক্ষীয়ে। লগতে বৃদ্ধগৰাকীৰ মৃত্যু স্বাভাৱিক নে অস্বাভাৱিক, সেয়াও তদন্ত কৰা হৈছে বুলি আৰক্ষীয়ে জনাইছে। কিন্তু আৰক্ষীৰ প্রাথমিক ধাৰণা, যিহেতু বৃদ্ধৰ পেঞ্চনেৰে সংসাৰ চলিছিল, সেই টকা যাতে বন্ধ নহয়, তাৰ বাবেই ককাকৰ মৃত্যুৰ খবৰ লুকুওৱাৰ চেষ্টা কৰিছিল।











