স্বাস্থ্য প্ৰতিবেদন:
আয়ুর্বেদত নাভিত তেল মালিচৰ বিভিন্ন উপকাৰৰ উল্লেখ আছে। এই শাস্ত্র মতে, নাভি হ’ল এনে এটি স্থান, য’ত শৰীৰৰ সকলো শক্তি সঞ্চিত থাকে। সেয়ে শৰীৰৰ এই অংশটি মালিচ কৰিলে বিভিন্ন ধৰণৰ উপকাৰ পোৱা যায়।
হজম শক্তি বঢ়ায় :
নাভিত তেল মালিচ কৰিলে পেটত ৰক্ত চলাচলৰ পৰিমাণ বাঢ়ে। ফলত হজমশক্তি বাঢ়ে। যিসকলৰ কোষ্ঠকাঠিন্যৰ সমস্যা আছে, তেওঁলোকৰো উপকাৰ হয়।
মন শান্ত কৰে :
নাভিত তেল মালিচ কৰিলে মন শান্ত হয়। মনোসংযোগ বাঢ়ে, আবেগৰ ওপৰত নিয়ন্ত্রণ আহে। উদ্বেগ কমে।
চুলিৰ বৃদ্ধি:
প্রায় ৭২ হাজাৰ শিৰা-উপশিৰা নাভিৰ সৈতে যুক্ত। তাৰ বহুখিনিয়েই শেষ পর্যন্ত গৈ পায় মূৰৰ ছাল। আয়ুর্বেদত কৈছে, নাভিত তেল মালিচ কৰিলে এই শিৰা-উপশিৰাৰ জৰিয়তে চুলিৰ পুষ্টি হয়। ফলত চুলিৰ দ্ৰুত বৃদ্ধি হয়।
যৌন ক্ষমতা :
বহুতৰ মতে, নাৰী বা পুৰুষ যিয়েই নহওক, যদি নাভিত নিয়মিত নিম তেল বা নাৰিকলৰ তেলেৰে মালিচ কৰে তেনেহ’লে যৌন ক্ষমতা বাঢ়ে।
গাঁথিৰ বিষ কমে :
এই জাতীয় বিষ কমোৱাৰ ঔষধ হিচাবে আয়ুর্বেদত নাভিত তেল মালিচ কৰাৰ কথা কোৱা হৈছে। ইয়াৰ ফলত হাড়ৰ ঘনত্ব বাঢ়ে বুলিও কোৱা হৈছে।
চকুৰ সমস্যা কমে :
সমগ্ৰ দিন কম্পিউটাৰৰ কাম কৰি থকা বা কিতাপ পঢ়াৰ দৰে অভ্যাসৰ ফলত চকু শুকাই যাব পাৰে। চিকিৎসা বিজ্ঞানৰ ভাষাত যাক কোৱা হয় ‘ড্রাই আইজ’। নাভিত নিয়মিত তেল মালিচ কৰিলে এই সমস্যাও কমিব পাৰে।
উজ্জ্বল ছাল :
আয়ুর্বেদ মতে, নাভিত নিয়মিত অলিভ তেলেৰে মালি চকৰিলে ছালৰ উজ্জ্বলতা বৃদ্ধি কৰাব পাৰে। ই ছালত ৰক্ত চলাচলৰ পৰিমাণ বঢ়ায়। কমে দূষিত পদার্থৰ পৰিমাণ। সেয়ে ছাল উজ্জ্বল হয়।