![]()
নিউজ ডেস্কঃ
উত্তৰাধিকাৰী লাগে। সেয়ে বোৱাৰীয়েকক জোৰ কৰি তেওঁৰ ভতিজাকৰ সৈতে সঙ্গম কৰিবলৈ বাধ্য কৰালে স্বামীগৃহৰ লোকে। এই অমানৱীয় ঘটনাটি ঘটিছে মহাৰাষ্ট্রৰ কাড়াত। এই চৰম শাৰীৰিক আৰু মানসিক নির্যাতন সহ্য কৰিব নোৱাৰি স্থানীয় আৰক্ষী থানাত অভিযোগ দিয়ে মহিলাগৰাকীয়ে। অভিযোগৰ ভিত্তিত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
মহাৰাষ্ট্রৰ অস্তি তালুকৰ কাড়া গাঁৱত ঘৰ মহিলাগৰাকীৰ। অত্যন্ত দৰিদ্র পৰিয়ালৰ জীয়ৰী। দাৰিদ্রতাৰ সৈতে যুঁজি ভিক্ষা কৰি কোনোমতে দিন কটাইছিল। ১৫ বছৰ পূৰ্বে মোতোবা ভিছৰ সৈতে তেওঁ বিয়াত বহে।
২০১৬ চনত উক্ত নির্যাতিতা মহিলাগৰাকীক একো নজনোৱাকৈয়ে আহমেদনগৰৰ দেশপাণ্ডে হস্পিটেলত টেষ্ট টিউব সন্তানৰ প্রক্রিয়া কৰায় স্বামীগৃহৰ লোকসকলে। ইয়াৰ পিছত এটি কন্যা সন্তানৰ জন্ম দিয়ে। কিন্তু পৰিয়ালে বিচাৰিছিল পুত্ৰ সন্তান। বিয়াৰ ইমান বছৰ পিছত ২০২০ চনত তেওঁৰ স্বামীগৃহই জনায় যে মহিলাগৰাকীৰ স্বামী সন্তান জন্ম দিবলৈ অক্ষম। তেওঁৰ স্বামী কামৰ সূত্রে বিদেশলৈ যোৱাৰ পিছতেই পুত্র সন্তানৰ বাবে হেঁচা প্ৰয়োগ কৰে মহিলাগৰাকীক। ভতিজাকৰ সৈতে সঙ্গম কৰিবলৈ একপ্রকাৰ বাধ্য কৰোৱা হয় তেওঁক। কথা অমান্য কৰিলেই মাৰধৰ কৰা বুলি অভিযোগ কৰিছে মহিলাগৰাকীয়ে। অৱশেষত এদিন মহিলাগৰাকীৰ ভতিজাকে তেওঁৰ অমতত গৈয়ে সঙ্গম কৰে। মহিলাগৰাকীয়ে তেওঁক ভতিজাকে ধর্ষণ কৰাৰ অভিযোগ দিছে থানাত। এই মুহূর্তত মহিলাগৰাকী পাঁচ মাহৰ গর্ভৱতী। ইফালে এই আনন্দত স্বামীগৃহৰ লোকসকলে মিঠাই বিতৰণ কৰে।











