![]()
নিউজ ডেস্কঃ
নিজৰ সৃষ্টিৰ হাততেই মৃত্যু হ’ল এগৰাকী স্রষ্টাৰ। মহাৰাষ্ট্রৰ যুৱক ইছমাইল শ্বেখে কাম কৰিছিল ৱেল্ডিঙৰ দোকানত। তাতে নিজৰ হাতেৰে বিভিন্ন যন্ত্রপাতি, আচবাব-পত্র বনাইছিল তেওঁ। সপোন আছিল হেলিকপ্টাৰ বনোৱাৰ। উক্ত হেলিকপ্টাৰৰ ব্লেডৰ আঘাততেই মৃত্যু হ’ল ইছমাইলৰ।
মহাৰাষ্ট্রৰ ইয়াভাতমাল জিলাৰ ফুলছাৱাঙ্গিৰ ইছমাইলে তেওঁৰ হেলিকপ্টাৰখনৰ যান্ত্রিক ত্রুটি আঁতৰোৱাৰ চেষ্টা কৰিছিল। ইঞ্জিন স্টার্ট কৰাৰ লগে লগেই প্রবল শব্দ কৰি এক বিস্ফোৰণৰ দৰে হয় আৰু হেলিকপ্টাৰৰ ওপৰৰ ব্লেড ভাঙি ভিতৰত বহি থকা ইছমাইলৰ মূৰত সজোৰে আঘাত কৰে। মুহূৰ্তৰ ভিতৰতে ঘটি যায় এই দুর্ঘটনা। পিছ মুহূর্তেই ইছমাইলৰ নিথৰ দেহ লাহে লাহে মাটিত বাগৰি পৰে। দৌৰি আগুৱাই আহে তেওঁৰ সহযোগীসকল।
ততাতৈয়াকৈ হস্পিটেললৈ লৈ গ’লেও কোনো লাভ নহ’ল। ঘটনাস্থলীতে মৃত্যু হৈছিল ইছমাইলৰ। নিজৰ মতা নামেৰেই তেওঁ হেলিকপ্টাৰখনৰ নাম দিছিল ‘মুন্না হেলিকপ্টাৰ।’ কিন্তু ভাগ্য সহায় নহ’ল। সপোনৰ উড়ানৰ সলনি নিয়তিৰ হাতত মৃত্যু হ’ল ইছমাইলৰ।











