![]()
ষ্টাফ ৰিপ’ৰ্টাৰ
আজি ৰাজ্য চৰকাৰৰ তৰফৰ পৰা অসমৰ প্ৰথম অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোঁহাইক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনোৱা হয়৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ সম্বৰ্ধনা গ্ৰহণ কৰি উঠি দিয়া নিজৰ ভাষণত আবেগিক হৈ পৰে লাভলীনা৷ বুকুৰ মাজত যথেষ্ট ক’বলগীয়া থকাৰ পিছতো আবেগত মুখেৰে শব্দ ওলাই নহা বুলি ব্যক্ত কৰে লাভলীনাই৷ লগতে তেওঁ অসমবাসীৰ ওচৰত ক্ষমা বিচাৰে, তেওঁ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰিব নোৱাৰাৰ বাবে৷ লগতে প্ৰতিশ্ৰুতি প্ৰদান কৰে যে আগন্তুক পেৰিচ অলিম্পিকত সোণৰ পদক লাভৰ বাবে প্ৰয়োজনীয় সকলোখিনি কৰিব ৷
উল্লেখ্য, নিজৰ ভাষণত আজি লাভলীনাৰ আনন্দ অশ্ৰু নিগৰি ওলোৱাৰ লগতে থোকাথোকি কণ্ঠৰে ভাষণ দিয়ে৷ ৰাজ্য তথা দেশৰ বাবে এই পদক জয় কৰি উভতি অহাৰ পিছত তেওঁ আনন্দত আত্মহাৰা হৈ পৰাৰ বাবেই এয়া আনন্দৰ চকুপানী বুলিও লাভলীনাই উল্লেখ কৰে৷













