স্বাস্থ্য প্ৰতিবেদন:
আমাৰ দৈনন্দিন ব্যৱহাৰিক জীৱনৰ আমাৰ চৌপাশে স্বাভাৱিকভাৱে গজি উঠা বন—লতিকা, গছ—গছনিসমূহৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমাৰ নানান ৰোগ নিৰাময়ৰ ক্ষেত্ৰত এই বনৌষধি ব্যৱহাৰ কৰিব পাৰি। যেনে
• অৰ্জুন গছৰ ৰস গাখীৰৰ লগত খালে হদপিণ্ড সবল হয়।
• বসন্ত ৰোগীক মিথিবাখৰৰ পানী খুৱালে উপকাৰ হয়।
• ধনিয়া পাতৰ ৰস পুৱা আৰু গধূলি এচামুচকৈ খালে বহুমূত্ৰ ৰোগ আৰোগ্য লাভত সহায়ক হয়। আকৌ জামৰ শুকান গুটি বহুমূত্ৰৰ বাবে ফলদায়ক।
• ভেদাইলতা গছৰ ৰস দুচামুচৰ লগত আধা চামুচ মৌ মিহলাই খালে বাতজাতীয় বিষৰ বাবে উপকাৰী।
• আঁহত গছৰ ফলটো শুকাই লৈ গুড়ি কৰি একাপ গাখীৰৰ লগত এক চামুচ গুড়ি মিহলাই খালে যৌন ক্ষমতা বৃদ্ধি পায়।
• মহানিম গছৰ বাকলি গৰ্ভনিৰোধকৰ সহায়ক।
• দুচামুচ বিলাহী ৰসৰ লগত এক চামুচ নেমুৰ ৰস আৰু আধা চামুচ মৌ পুৱা খালী পেটত খালে পেলু মৰে। আকৌ মদাৰ গছৰ কুঁহিপাত বা পাতৰ ৰস খালেও পেটৰ পেলু মৰে।
• বৰথেকেৰা গছৰ ফল, মানিমুনি পাত, মছন্দৰী আদি গ্ৰহণী ৰোগ আৰোগ্য লাভৰ বাবে উত্তম।
• বাহক তিতা গছৰ পাতৰ ৰস মৌৰ লগত মিহলাই খালে কাহ আৰু হাঁপানী ৰোগ নিৰাময়ৰ বাবে উপকাৰী। আকৌ কাহৰ বাবে সিজুৰ পাত, তুলসী, পিপলী, তিতাভেকুৰী আদি অতি উত্তম।
• শতমূলৰ ৰস খালে টোপনি ভাল হয়।
• দূৱৰী বন, জাৰ্মান গছৰ পাত, গেন্ধাই (নাৰ্জী) গছৰ পাত দেহৰ কোনো অংশত কাটিলে ব্যৱহাৰ কৰিব পাৰি।
• লাইজাবৰী আৰু মানিমুনিৰ পাত মূৰৰ বিষত ব্যৱহাৰ কৰা হয়।
• ঘৃতকুমাৰী (চালকুঁৱৰী)ৰ বিজলুৱা অংশ জ্বৰ কমোৱাত, জুয়ে পোৰাত ব্যৱহাৰ হয়।
• পছতীয়াৰ পাত, এৰা, কপৌফুল, বৰীয়াল আদি বাতজাতীয় বিষৰ বাবে উপকাৰী।
• মূত্ৰকাৰক হিচাপে পাতেগজা, পূৰ্ণনৱা, আনাৰস, কুঁহিয়াৰ আদি উপকাৰী।
• সৰ্পগন্ধা, নহৰু, শতমূল, তৰমুজ, আমলখি, হেলচি আদিয়ে উচ্চ ৰক্তচাপ কমোৱাত সহায় কৰে।
• পেটৰ অসুখত কাচকল, ডাবৰ পানী, মছন্দৰী, মানিমুনি, দূতকৰি আদিয়ে ভাল কাম কৰে।
• চৰ্মৰোগত দাদিগদিয়া, সোণাৰু গছৰ ফল, মহানিম, হালধি, বৰগছৰ বাকলি আৰু পাত উপকাৰী।
• যকৃতৰ বেমাৰৰ কাৰণে চিৰতা তিতা, শেৱালি ফুলৰ পাত, বান্দৰদিমা, পিতকচীয়া গছ ব্যৱহাৰ কৰিলে ভাল ফল পোৱা যায়।
• তিতাকেৰেলা, মিথি, কোৱাভাতুৰী, সিদ্ধিলতা জাম, নয়নতৰা, টুপুৰীলতা আদি গছ বহুমূত্ৰ ৰোগ নিৰাময়ৰ কাৰণে ব্যৱহাৰ কৰিব পাৰি।
• নয়নতৰা গছ, চজিনা আৰু ডেলাটকৰ ফল কৰ্কট ৰোগ আৰোগ্য লাভৰ বাবে ব্যৱহাৰ কৰিব পাৰি বুলি গৱেষকসকলে নানা ধৰণে গৱেষণা চলাই আছে।
• টুপুৰীলতা, আজ্ঞাচীত গছৰ শিপা, জয়ন্তী গছৰ গুটি গৰ্ভনিৰোধত সহায় কৰে।
• অৰ্শ ৰোগৰ কাৰণে মহানিমৰ শিপা, দেৱীটোকান, তৰাগছ, ওলকচুৰ কাণ্ড ব্যৱহাৰ কৰি সুফল পাব পাৰি।
• জেতুকা, কেঁচা হালধি, নেমুৰ ৰস, তিয়ঁহ, শিলিখা আদি চুলি আৰু ছালৰ উপকাৰী তথা সৌন্দৰ্য বৃদ্ধি কৰে।