![]()
নিউজ ডেস্কঃ
এজন মানুহৰ দুটা কিডনি থাকে বুলি আমি সকলোৱে জানো। কিন্তু কেতিয়াবা শুনিছেনে যে এজনৰ দেহত পাঁচটা কিডনি আছে ? বিষয়টো অতি আশ্চর্যকৰ যেন লাগিলেও চেন্নাইত এজন ব্যক্তিৰ পাঁচটা কিডনি আছে ! তৃতীয়বাৰ কিডনি
প্রতিস্থাপন হোৱাত এই ব্যক্তিজন এতিয়া পাঁচটাকৈ কিডনিৰ অধিকাৰী।
জানিব পৰা মতে, ৪১ বছৰীয়া উক্ত ব্যক্তিজনৰ ১৪ বছৰ বয়সত তেওঁৰ দুয়োটা কিডনিই বেয়া হৈ যায়। ১৯৯৪ চনত তেওঁৰ কিডনি প্রতিস্থাপন কৰা হয়। কিন্তু ৯ বছৰৰ ভিতৰত উক্ত কিডনিও বিকল হৈ যায়। ফলত ২০০৫ চনত তেওঁৰ কিডনি পুনৰ প্রতিস্থাপন কৰে চিকিৎসকে। ১২ বছৰ ধৰি উক্ত কিডনিৰেই সুস্থ হৈ আছিল ব্যক্তিজন। কিন্তু পুনৰ দুৰ্যোগ আৰম্ভ হয়। তেওঁৰ ডায়েলাইছিছ আৰম্ভ হয়।
চিকিৎসকে পৰীক্ষা কৰি দেখে যে উচ্চ ৰক্তচাপৰ কাৰণেই বাৰম্বাৰ কিডনি বিকল হৈছে ব্যক্তিজনৰ। তাৰ মাজতে ব্যক্তিজনৰ হৃদযন্ত্রৰ সমস্যা ধৰা পৰাত বাইপাছ ছার্জাৰীও কৰিবলগা হয়। ফলত পৰিস্থিতি আৰু জটিল হৈ উঠে। ফলত চিকিৎসকৰ ওচৰত এটা ৰাস্তাই খোলা আছিল। পুনৰ কিডনি প্রতিস্থাপন। কিন্তু তাতো এক বৃহৎ প্ৰত্যাহ্বানৰ সন্মুখীন হয় চিকিৎসকসকল।
চিকিৎসক এছ শ্রবণে জনোৱা মতে, ব্যক্তিজনৰ দেহত নিজৰ দুটি কিডনি আগৰ পৰাই আছিল। সেই দুটা বেয়া হোৱাত পিছত দান কৰা আৰু দুটা লগোৱা হয়। চাৰিটা বিকল কিডনি শৰীৰত থকাৰ কাৰণে পঞ্চম কিডনি লগোৱাৰ স্থানক লৈ সমস্যা সমস্যাৰ সৃষ্টি হয়। কেৱল সেয়াই নহয়, নতুন কিডনি ধমনীৰ সৈতে সংযুক্ত কৰাৰ কামো কঠিন আছিল। চাৰিটা বিকল কিডনি থকাৰ ফলত তাৰ বাবে বিশেষ স্থান নাছিল। পঞ্চম কিডনিটোক শিৰা আৰু ধমনীৰ সৈতে সংযুক্ত কৰাটো অতি বিপজ্জনক আছিল।
আনহাতে, বাকী চাৰিটা বিকল কিডনি অস্ত্রোপচাৰ কৰি বাহিৰ কৰিলেও অতিৰিক্ত ৰক্তপাতৰ আশঙ্কাই দেখা দিব পাৰে। সেয়ে চিকিৎসকে স্থিৰ কৰে যে চাৰিটা বিকল কিডনিৰ কাষতেই পঞ্চম কিডনিটো প্রতিস্থাপন কৰিব। অৱশেষত সেইটোৱেই কৰা হয়। বৰ্তমান ব্যক্তিজন সুস্থই আছে। অৱশ্যে তেওঁৰ শাৰীৰিক অৱস্থা কেনে থাকে সেই দিশত নজৰ ৰাখিব লাগিব বুলিও কয় চিকিৎসক শ্রবণে।











