![]()
নিউজ ডেস্কঃ
পাঁচ দিনত ২৪২ জন শিশু কোভিডত আক্রান্ত হ’ল বেঙ্গালুৰুত। তাৰ ফলতেই কোভিডৰ তৃতীয় ঢৌ বিয়পি পৰাৰ আশঙ্কা বহু গুণে বৃদ্ধি কৰিছে। স্বাস্থ্য বিশেষজ্ঞসকলে পূৰ্বতেই সতর্কবাণী দিছিল যে তৃতীয় ঢৌত শিশুসকল বেছকৈ আক্রান্ত হ’ব পাৰে। মাত্র কেইটামান দিনতে একেলগে ইমান শিশু আক্রান্ত হোৱাৰ ঘটনাই সেই সতর্কবাণীক পুনৰ প্ৰতিপন্ন কৰিলে।
বৃহৎ বেঙ্গালুৰু মহানগৰ পালিকাই (বিবিএমপি) জনাইছে যে আক্রান্ত শিশুসকলৰ ভিতৰত ১০৬ জনৰ বয়স ৯ বছৰৰ তলত। ১৩৬ জনৰ বয়স ৯-১৯ বছৰৰ ভিতৰত। ৰাজ্যৰ স্বাস্থ্য বিভাগে সতর্কবাণী দিছে যে আগন্তুক দিনত এই সংখ্যা আৰু বাঢ়িব পাৰে।
এগৰাকী স্বাস্থ্য বিষয়াৰ মতে, আগন্তুক কেইটামান দিনৰ ভিতৰত এই সংখ্যা তিনি গুণ হ’ব পাৰে। ডাঙৰ বিপদৰ আশঙ্কা কৰিছে ৰাজ্য প্রশাসনে। শিশুসকলৰ সংক্রমণ যাতে নিয়ন্ত্রণৰ বাহিৰলৈ গুচি নাযায় তাৰ বাবে ৰাজ্যবাসীক প্রয়োজন অবিহনে শিশুসকলক বাহিৰলৈ নিনিয়াৰ পৰামর্শ দিছে।











