![]()
নিউজ ডেস্কঃ
হিমালচলৰ কিন্নৰ জিলাত ভূমিস্খলনৰ ফলত ভয়াৱহ দুর্ঘটনা। পাহাৰ খহি পৰিল বাছৰ ওপৰত৷ ঘটনাটোত ৪০ জনৰো অধিক লোক অবৰুদ্ধ হৈ পৰা বুলি আৰক্ষীৰ প্রাথমিক অনুমান। গুৰুতৰভাৱে আহত হৈছে বাছখনৰ চালক আৰু সহকাৰীজন।
বুধবাৰে দুপৰীয়া ১২.৪৫ বজাত ৰেকংপেও-চিমলা ৰাজপথত এই ঘটনাটি ঘটে। ৰাস্তাৰে গৈ থকা এখন বাছৰ ওপৰত আহি পৰে শিলাখণ্ড। বাছখনৰ লগতে আৰু কেইবাখনো গাড়ী শিলৰ তলত সোমাই পৰে।
জিলাখনৰ উপায়ুক্ত আবিদ হুছেইন চাদিকে কয়, ‘‘ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত ভূমিস্খলনৰ খবৰ লাভ কৰিছে ভাবনানগৰ থানাই। তাৰ পিছতেই ঘটনাস্থলীলৈ প্ৰেৰণ কৰা হৈছে ইণ্ডো-তিব্বতীয় সীমান্ত আৰক্ষী, দুৰ্যোগ ব্যৱস্থাপনা বাহিনীক। উদ্ধাৰকার্যত তেওঁলোকক সহায় কৰিছে স্থানীয় লোকসকলেও।’’











