![]()
নিউজ ডেস্কঃ
ৰাজ্যসভাত সোমবাৰে কোন কোন বিজেপি সাংসদ অনুপস্থিত আছিল, তাৰ তালিকা বিচাৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। এই বিষয়ত মঙ্গলবাৰে দলীয় বৈঠকত তেওঁ হতাশা ব্যক্ত কৰা দেখা যায়। এনেদৰে সংসদৰ অধিবেশনত দলৰ প্রতিনিধিসকল উপস্থিত নথকাটো তেওঁ ভালদৰে লোৱা নাই। যিয়ে অনুপস্থিত সাংসদসকলক অস্বস্তিত পেলাব বুলি ভবা হৈছে।
উল্লেখ্য, এই সপ্তাহতেই শেষ হ’ব এইবাৰৰ সংসদৰ বৰ্ষাকালীন অধিবেশন। তাৰ আগতে মঙ্গলবাৰে দলীয় নেতৃবৰ্গৰ সৈতে বৈঠকত বহে প্রধানমন্ত্রী। অধিবেশন চলি থকা সময়ত এইবাৰ এইখনেই শেষ বৈঠক। তাতেই সোমবাৰে বিধেয়ক দাখিলৰ সময়ত ৰাজ্যসভাৰ বিজেপি সাংসদসকলৰ অনুপস্থিতিক লৈ হতাশা ব্যক্ত কৰে মোদীয়ে। সোমবাৰেই ৰাজ্যসভাত সাংসদসকলৰ অনুপস্থিতিৰ বিষয়টো দৃষ্টিগোচৰ হৈছিল বিজেপি নেতৃত্বৰ। তাৰ পিছতেই দলীয় সাংসদসকলক নির্দেশ দিয়া হয় যে মঙ্গল আৰু বুধবাৰে সকলোৱেই ৰাজ্যসভাত উপস্থিত থাকিব লাগিব। ইয়াৰ পিছত মঙ্গলবাৰে অনুপস্থিত সাংসদসকলৰ তালিকা বিচাৰে প্রধানমন্ত্রীয়ে। সংসদ বিষয়ক মন্ত্রী প্রহ্লাদ যোশীৰ পৰা উক্ত তালিকা বিচাৰিছে মোদীয়ে।











