![]()
নিউজ ডেস্কঃ
অলিম্পিকত স্বৰ্ণজয়ী নীৰজ চোপ্ৰালৈ অভিনৱ পদ্ধতিৰে সন্মান জনাইছে গুজৰাটৰ এটি পেট্র’ল পাম্পে।
নীৰজ নামৰ যিয়েই গাড়ী লৈ উক্ত পেট্র’ল পাম্পলৈ তেল ভৰাবলৈ আহিব, তেওঁক বিনামূল্যে ৫০১ টকাৰ পেট্র’ল দিয়া হ’ব। ভৰুচ জিলাৰ এই পেট্র’ল পাম্পটোৰ এই ঘোষণা কৰিছে। উক্ত অফাৰ দিয়া হৈছে সোমবাৰৰ পৰা বুধবাৰ পর্যন্ত।
এই ঘটনা ৰাষ্ট্ৰ হৈ পৰাৰ লগে লগেই নীৰজ নামৰ বহু লোকে তেওঁলোকৰ গাড়ী, বাইক লৈ আহে পেট্র’ল পাম্পটোলৈ।
পেট্র’ল পাম্পটোৰ মালিক আয়ুব পাঠানে সংবাদ সংস্থা এএনআইক কয়, ‘‘নীৰজে দেশৰ বাবে যি কৰিছে, সেয়া ভাৰতবাসী হিচাবে গৌৰৱৰ। তেওঁক সন্মান জনাবলৈয়েই আমাৰ এই ক্ষুদ্ৰ প্ৰয়াস। সোমবাৰৰ পৰা বুধবাৰলৈ চলিব এই ৰেহাই।’’











