স্বাস্থ্য প্ৰতিবেদন:
ঔষধি গুণেৰে সমৃদ্ধ অমিতা স্বাস্থ্যৰ বাবে অতি উপকাৰী। অমিতাই প্রতিৰোধ ক্ষমতা বৃদ্ধিৰ লগতে কোলেষ্টেৰল নিয়ন্ত্রণ কৰে। অমিতাত প্রচুৰ পৰিমাণে ফাইবাৰ আছে যিয়ে হজম সঠিক ৰাখে। ওজন হ্রাস কৰাৰ বাবে শ্ৰেষ্ঠ খাদ্য অমিতা, য’ত ১২০ কেলোৰি আছে। অমিতাই দৃষ্টিশক্তি উন্নত কৰাৰ লগতে ঋতুস্রাবৰ বিষৰ পৰা মুক্তি দিয়ে।
ভিটামিন এ আৰু চি সমৃদ্ধ অমিতাই শৰীৰৰ পৰা বিষাক্ত পদার্থবোৰ বাহিৰ কৰি প্রতিৰোধ ক্ষমতা বঢ়ায়। ই ৰোগ আৰু সংক্রমণ দূৰৈত ৰখাত সহায় কৰে। কিন্তু অমিতাৰ পৰা কিছু ক্ষতি হ’বও পাৰে। অমিতাৰ সৈতে কিছু বস্তু মিহলাই যদি খোৱা হয় তেতিয়া আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব পাৰে।
অমিতা আৰু দৈৰ সংমিশ্রণ ভাল নহয় :
অমিতা আৰু দৈৰ সংমিশ্রণে স্বাস্থ্যক ক্ষতিগ্রস্ত কৰিব পাৰে। এই দুই বস্তুৰ প্রভাৱ পৃথক। অমিতা গৰম, দৈ শীতল। ঠাণ্ডা আৰু গৰম বস্তু একেলগে খোৱাটো সঠিক নহয়।
অমিতা আৰু নেমুই স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে :
কিছু লোকে সোৱাদ বঢ়াবলৈ নেমু আৰু মচলা মিহলাই অমিতা খোৱাটো পছন্দ কৰে। সোৱাদ বঢ়াবলৈ নেমু খোৱাটোৱে আপোনাৰ দেহত ৰক্ত ক্ষয় হ্রাস কৰিব পাৰে। উভয়ৰে সংমিশ্রণে ৰক্তহীনতাৰ সম্ভাৱনা বৃদ্ধি কৰিব পাৰে।
কমলা আৰু অমিতাৰ সংমিশ্রণ :
কমলাৰ চাটত প্রায়েই অমিতা যুক্ত হয়৷ অমিতাৰ সৈতে কমলা খোৱাটো অতি ক্ষতিকাৰক হ’ব পাৰে। এই সংমিশ্রণটিয়ে আপোনাৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে।
বি.দ্র: গর্ভাৱস্থা হওক বা অন্য যিকোন সময়ত, নতুন কিবা ব্যৱহাৰৰ আগতে অৱশ্যেই চিকিৎসকৰ পৰামর্শ লওক।