![]()
নিউজ ডেস্কঃ
আজি দেশৰ ৯.৭৫ কোটি কৃষকৰ একাউন্টলৈ ১৯,৫০০ কোটি টকা পঠালে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। প্রধানমন্ত্রী কিষাণ সন্মান নিধি প্রকল্পৰ অধীনত ইয়াকে লৈ মুঠ ১.৫৭ লক্ষ কোটি টকা অনুদান দিয়া হ’ল। আজি এই ধন প্রদানৰ পিছত উপকৃত কৃষকসকলৰ সৈতে ভার্চুৱেলি কথাও পাতে মোদীয়ে।
কিষাণ সন্মান নিধি প্রকল্পৰ মাধ্যমেৰে প্রতি বছৰে কৃষকে প্রতি ৬০০০ টকাকৈ দিয়া হৈছে। তিনি মাহত ২০০০ টকাকৈ এই ধন দিয়াৰ কথা আছিল। ২০১৯ চনৰ ফেব্রুৱাৰীত বাজেট দাখিলৰ সময়ত এই প্রকল্পৰ কথা ঘোষণা কৰিছিল কেন্দ্রই। আজি প্রধানমন্ত্রীৰ উপস্থিতিত কেন্দ্রীয় কৃষিমন্ত্রী নৰেন্দ্র সিং টোমৰে জনাইছে, নৱম কিস্তি দিয়াৰ আগতে ১১ কোটি কৃষকৰ মাজত মুঠ ১.৩৭ লক্ষ কোটি টকা দিছিল চৰকাৰে।
কৃষিমন্ত্রীয়ে জনায় যে, পিএম-কিষাণত উপকৃতসকলৰ ভিতৰত প্ৰায় ২.২৮ কোটি কৃষকক কিষাণ ক্রেডিট কার্ড দিয়া হৈছে। উক্ত ক্রেডিট কার্ডেৰে এই পর্যন্ত ২.৩২ লাখ কোটি টকা ঋণ দিয়া হৈছে।











