![]()
নিউজ ডেস্কঃ
বহুতৰেই পুৰণি নোট সংগ্রহৰ চখ আছে। সেই চখ পূৰণৰ বাবে বহু বেছি মূল্য দিবলৈও আকৌ বহুতে পিচ নপৰে। এনে কিছু ৱেবছাইট আছে, য’ত পুৰণি নোট আৰু মুদ্ৰাৰ লেনদেন চলে। সম্প্রতি তেনে ধৰণৰেই এটি ৱেবছাইটে দিছে পুৰণি ১ টকীয়া নোট বিক্ৰীৰ বিজ্ঞাপন। ১ টকীয়া নোটৰ বাণ্ডিল তাত বিক্ৰী কৰি পোৱা যাব কেইবা হাজাৰ টকা। অৱশ্যে তাৰ বাবে আছে চর্ত।
১ টকীয়া নোটৰ বাণ্ডিল উক্ত ৱেবছাইটটোত বিক্ৰী হৈছে ৪৪ হাজাৰ ৯৯৯ টকাত। কিন্তু উক্ত ১ টকীয়া নোট হ’ব লাগিব ১৯৫৭ চনৰ। লগতে উক্ত নোটত প্রাক্তন কেন্দ্রীয় বিত্তমন্ত্রী হিৰুভাই এম পেটেলৰ স্বাক্ষৰ থাকিব লাগিব। তাৰ লগতে নোটৰ ওপৰত থকা নম্বৰটি হ’ব লাগিব ১২৩৪৫৬। এই তিনিটা চৰ্ত পূৰণ হ’লেই ১ টকীয়া নোটৰ বাণ্ডিলত আপুনি পাব পাৰে প্রায় ৪৫ হাজাৰ টকা।











