ASSAM TIMES POST
No Result
View All Result
  • Login
  • Register
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
PRICING
SUBSCRIBE
  • Home
  • BREAKING NEWS
  • ALL NEWS
    • Karbi Anglong
    • Guwahati
    • North-East
    • National-International
  • EXCLUSIVE
    • Economy
    • Political
    • Education-Technology
    • Cultural
    • Entertainment
    • Sports News
    • Travel
    • Health & Fitness
    • Recipes
  • Lifestyle
  • Video News
  • About Us
No Result
View All Result
ASSAM TIMES POST
No Result
View All Result
Home ALL NEWS

স্বাস্থ্য : স্বাস্থ্য আৰু ছালৰ বাবে নেমুৰ বাকলি কিমান দৰকাৰী জানেনে?

ASSAM TIMES POST by ASSAM TIMES POST
August 8, 2021
Reading Time: 2 mins read
A A
0
স্বাস্থ্য : স্বাস্থ্য আৰু ছালৰ বাবে নেমুৰ বাকলি কিমান দৰকাৰী জানেনে?

logo new 2 1 | ASSAM TIMES POST

RELATED POSTS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

স্বাস্থ্য প্ৰতিবেদন:

আমাৰ দেশত ভিটামিন-চিৰ সকলোতকৈ ভাল উৎস হিচাবে ধৰা হয় নেমুক। আৰু বিশ্বব্যাপী চলি থকা কৰোনা ভাইৰাছ মহামাৰিৰ সময়ত স্বাস্থ্য বিশেষজ্ঞসকলেও বাৰম্বাৰ কৈ আহিছে বেছি মাত্ৰাত ভিটামিন চি গ্রহণ কৰিবলৈ। কিন্তু নেমুৰ ৰস বাহিৰ কৰাৰ পিছত তাৰ বাকলি পেলাই দিব নেকি? আপোনাৰ স্বাস্থ্য আৰু ছালৰ বাবে নেমুৰ বাকলি কিমান দৰকাৰী তাক জনাৰ পিছত আপুনি নিশ্চিতভাবে বাকলি পেলাই দিয়াৰ অভ্যাস সলনি কৰি পেলাব। আহক জানি লোৱা যাওক, নেমু আৰু বাকলিৰ উপকাৰিতা আৰু ব্যৱহাৰ সর্ম্পকে।

lemon water 4978854 835x547 m | ASSAM TIMES POSTপুষ্টি সৰবৰাহ

নেমুৰ ৰসৰ দৰে বাকলিতো আছে প্রচুৰ পৰিমাণে ভিটামিন, কেলচিয়াম, ফাইবাৰ, পটাচিয়াম, মেগনেচিয়াম আৰু বিটা কেৰটিন। এক কথাত ক’বলৈ গ’লে, ৰসতকৈও ইয়াৰ বাকলিয়ে প্রায় ৫ৰ পৰা ১০ গুণ বেছি পুষ্টি সৰবৰাহ কৰিব পাৰে। প্রায় ১০০ গ্রাম নেমুৰ বাকলিত ১৩৪ মিলিগ্রাম কেলচিয়াম, ১৬০ মিলিগ্রাম পটাচিয়াম, ১২৯ মিলিগ্রাম ভিটামিন-চি আৰু ১০.৬ গ্রাম ফাইবাৰ থাকে।

হাড় মজবুত কৰে

আপোনাৰ হাড় মজবুত আৰু হাড়ৰ স্বাস্থ্যগত উন্নতি কৰিব পাৰে ভিটামিন-চি আৰু কেলচিয়ামে।

নেমুৰ বাকলিত এই পুষ্টিসমূহে প্রদাহজনিত পলি আর্থ্রাইটিছ, অস্টিঅপোৰোছিছ, ৰিউমেটয়েড আর্থ্রাইটিছৰ দৰে ৰোগো প্রতিৰোধ কৰাত সহায় কৰে।

কেন্সাৰ প্রতিৰোধক

নেমুৰ ৰসৰ দৰে বাকলিও চাইট্রাছ বায়োফ্লাভোনয়েড সমৃদ্ধ। যিয়ে জাৰণ চাপৰ মাত্রা কমোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। লগতে দেহৰ ভিতৰক ক্ষাৰীয় কৰি তোলে। নেমুৰ বাকলিয়ে কেন্সাৰো প্রতিৰোধ কৰিব পাৰে। নেমুৰ বাকলিয়ে দেহৰ ভিতৰত কেন্সাৰ কোষবোৰ বৃদ্ধি পোৱাৰ বিৰুদ্ধে যুঁজ কৰাৰ দৰে উপাদান লিমোনিন আৰু ছালভস্ট্রোল কিউ-৪০ সৰবৰাহ কৰি থাকে।

বেক্টেৰিয়া প্রতিৰোধ

ভিটামিন-চিৰ এন্টিবেক্টেৰিয়েল ক্ষমতাই নাড়ি-ভুঁড়ি/ অন্ত্রৰ ভিতৰত থকা কৃমি আৰু পৰজীৱী বীজাণু মাৰি পেলায়। ইয়াৰ উপৰি দেহৰ বিভিন্ন অঙ্গক বিভিন্ন বেক্টেৰিয়াৰ সংক্রমণৰ পৰা ৰক্ষা কৰি থাকে।

কেনেদৰে খাব নেমুৰ বাকলি?

নেমুৰ পৰা বাকলি এৰুওৱাৰ পিছত ইয়াক আপুনি শুকাই ৰাখিব পাৰে, যাতে ইয়াক ভালেদৰে গুড়ি কৰিব পৰা যায়। বাকলি শুকোৱাৰ সহজ এটি উপায় হ’ল, অভেন ব্যৱহাৰ কৰি ২০০ ডিগ্রী ফাৰেনহাইট তাপমাত্রাত তাক ভাজাৰ দৰে কৰিব পাৰে আৰু তাৰ পিছত গুড়ি কৰি লওক। ইয়াৰ পিছত সেই গুড়ি বিভিন্ন ধৰণে প্রতিদিনৰ খাদ্য, পানীয়, অর্গেনিক চাহ বা চুপৰ লগত মিহলাই খাব পাৰে।

কিমান নিৰাপদ?

নেমুৰ বাকলি অক্সালেটৰ এক ডাঙৰ উৎস। দেহত প্রতিদিনে ৮০ মিলিগ্রামৰ বেছি অক্সালেট গ্রহণ কৰিলে কিডনি আৰু পিত্তথলিত পাথৰ সৃষ্টি কৰিব পাৰে। আৰু ১ চাহ চামুচ নেমুৰ বাকলিত প্রায় ২৫ মিলিগ্রাম অক্সালেট থাকিব পাৰে। সেয়ে, প্রতিদিনে সর্বাধিক ৩ চাহ চামুচৰ অধিক নেমুৰ বাকলি গ্রহণ কৰা উচিত নহয়।

ছালৰ যত্নত নেমুৰ বাকলি:

ছাল উজ্জ্বলকাৰী বডি স্ক্রাব

খাদ্যৰ উপৰি ছালৰ বাবেও যথেষ্ট উপকাৰী নেমুৰ বাকলি। এক মুঠি নেমুৰ বাকলিৰ সৈতে ১-২ কাপ চেনি দি ভালদৰে পেস্ট তৈয়াৰ কৰক। ইয়াৰ পিছত আপোনাৰ ছাল বা ছালৰ ধৰণ বিবেচনা কৰি তাত কেইফোটামান অলিভ অইল মিহলাই লওক।

তৈলাক্ত ছালতকৈ শুষ্ক ছালত বেছি তেল দি মিশ্রণটি তৈয়াৰ কৰিব লাগিব। মিশ্রণটি তৈয়াৰ কৰাৰ পিছত ভিজা ছালত আলসুৱাভাবে ঘঁহি ঘঁহি লগাই দিয়ক। এইবাৰ পৰিষ্কাৰ পানীৰে মুখখন ধুই পেলাওক। এই স্ক্রাব ব্যৱহাৰৰ ফলত আপোনাৰ ছাল আৰু উজ্জ্বল দেখাব আৰু ছালৰ মৃত কোষবোৰক জীৱিত কৰি তুলিব। এই স্ক্রাবে শুকান ছালক নৰম কৰাত সহায় কৰিব। সপ্তাহত এবাৰ নেমুৰ বাকলিৰ স্ক্রাব লগাব পাৰে।

ফেচ মাস্ক হিচাবে ব্যৱহাৰ

এক চিকুট নেমুৰ বাকলিৰ গুড়িৰ সৈতে ২ টেবুল চামুচ চাউলৰ গুড়ি মিহলাই লওক। এইবাৰ মিশ্রণটি ঠাণ্ডা গাখীৰেৰে ঘন পেস্ট তৈয়াৰ কৰক। ছালৰ মৃত কোষবোৰক জীৱিত কৰিবলৈ এই পেস্টটি মুখৰ ভিজা ছালত সমানভাবে মাখি দিয়ক। ১৫ মিনিট পিছত পৰিষ্কাৰ পানীৰে ভালদৰে ধুই পেলাওক। এই ফেচ পেকটিয়ে আপোনাৰ ছাল-কোষক উজ্জ্বীৱিত কৰি তুলিব।

ভৰি ফটাৰ চিকিৎসা

এক কাপ নেমুৰ বাকলি গুড়ি কৰি লওক আৰু তাত পেট্রোলিয়াম জেলি দি মিশ্রণ তৈয়াৰ কৰক। এইবাৰ তৈয়াৰ কৰা পেষ্টটি ফটা ভৰিত লগাই দিয়ক। ইয়াৰ পিছত ভৰিত মোজা পিন্ধি লওক আৰু কেইঘণ্টামান ৰাখক। ভৰি ধুই পেলোৱাৰ পিছত ভৰিৰ ছাল নৰম আৰু স্বাস্থ্যকৰ দেখাব।

নখ বগা কৰি ৰাখিবলৈ

যিসকলে নখ বিবর্ণ হৈ যোৱাৰ সমস্যাত ভুগিছে তেওঁলোকৰ বাবে নেমুৰ বাকলি বেছ উপকাৰী। এক মুঠি নেমুৰ বাকলি পেস্ট কৰি লওক আৰু তাক কেইমিনিটমানৰ বাবে বিবর্ণ নখবোৰত ব্যৱহাৰ কৰক। ইয়াৰ পিছত পানীৰে ধুই দিয়ক। এনে ধৰণৰ যত্নই আপোনাৰ নখবোৰৰ স্বাভাৱিক ৰং ঘূৰাই অনাত সহায় কৰিব।

সকলো ধৰণৰ পৰিচ্ছন্নতাত

বীজাণুমুক্ত কৰি ৰাখিবলৈ পৰিষ্কাৰক হিচাবেও নেমুৰ বাকলি ব্যৱহাৰ কৰিব পাৰে। প্রথমে নেমুৰ বাকলিখিনি পানীত সিদ্ধ কৰি লওক আৰু চেকি লওক। এইবাৰ অ-বিষাক্ত ডিআইৱাই ক্লিনাৰ তৈয়াৰ কৰিবলৈ এই পানীৰ সৈতে প্রয়োজন মতে ভিনেগাৰ বা বেকিং ছডা মিহলাই লওক। ইয়াৰ পিছত এই পানীৰে ঘৰৰ আচবাবপত্র, মজিয়া আৰু অন্যান্য ব্যৱহার্য সামগ্ৰী পৰিষ্কাৰ কৰক। নেমুৰ বাকলিত থকা ৰাসায়নিক পদার্থবোৰৰ দাগ উঠাই পেলোৱাৰ ক্ষমতাও আছে।

দুর্গন্ধ দূৰ কৰিবলৈ

ফ্রিজ, বন্ধ ড্রয়াৰ কিম্বা ট্রাংক ইত্যাদিৰ ভিতৰত সৃষ্টি হোৱা দুর্গন্ধ দূৰ কৰিবলৈ নেমুৰ বাকলি বেছ কার্যকৰী। নেমুৰ বাকলিয়ে মাইক্রৱেভ, কাটাৰ বোর্ড আৰু অন্যান্য ব্যৱহার্য পাত্র পৰিষ্কাৰ কৰাৰ ক্ষেত্রত যাদুৰ দৰে কাম কৰি থাকে।

বাটিৰ পানীত কেইটামান নেমুৰ বাকলি দি কিছু সময়ৰ বাবে মাইক্রৱেভৰ ভিতৰত ৰাখক। ই মাইক্রৱেভৰ ভিতৰৰ দুর্গন্ধক সতেজ গোন্ধলৈ পৰিণত কৰিব। আৰু কাটাৰ বোর্ডক জীবাণুমুক্ত কৰিবলৈ নেমুৰ বাকলিৰ সৈতে নিমখ মহলাই ঘঁহক। তাৰ পিছত ধুই পেলাওক।

ৰুম ফ্রেছনাৰ হিচাবে

নেমুৰ বাকলি ব্যৱহাৰ কৰি ঘৰতেই তৈয়াৰ কৰক প্রাকৃতিক ৰুম ফ্রেছনাৰ। শুকান ফুল আৰু প্রয়োজনীয় তেলৰ সৈতে নেমুৰ বাকলি মিহলাওক। এইবাৰ ইয়াত ছাইট্রাছ-সুগন্ধযুক্ত মিশ্রণটি পৰিষ্কাৰ এটি স্প্রে বটলত ৰাখক। এনেদৰে আপুনি ঘৰটোক সকলো সময়তে সুবাসিত কৰি ৰাখিব পাৰিব।

পোক-পৰুৱা আঁতৰায়

ঘৰত পোক-পৰুৱাৰ উপদ্রৱ কমাবলৈ বিকল্প হ’ব পাৰে নেমুৰ বাকলিৰ ব্যৱহাৰ। বিশেষকৈ পৰুৱা, পইতাচোৰা ইত্যাদিয়ে নেমুৰ গোন্ধ সহ্য কৰিব নোৱাৰে। গতিকে আপুনি ঘৰৰ চুকত বা য’ত পোক-পৰুৱাৰ উপদ্রৱ আছে তাত নেমুৰ বাকলি পেলাই ৰাখিব পাৰে।
আপনার ত্বককে বাঁচাতে পারে লেবুর খোসার ব্যবহার।

নেমুৰ বাকলিৰ এই পুষ্টিসমূহে প্রদাহজনিত পলি আর্থ্রাইটিছ, অস্টিওপোৰচিছ, ৰিউম্যাটয়েড আর্থ্রাইটিছৰ দৰে ৰোগো প্রতিৰোধ কৰিবলৈ সহায় কৰে।

কেনছাৰ প্রতিৰোধক

নেমুৰ ৰসৰ দৰে নেমুৰ বাকলিও ছাইট্রাছ বায়োফ্লাভোনয়েড সমৃদ্ধ। যিয়ে জাৰণ চাপৰ মাত্রা কোমোৱাত উল্লেখযোগ্য অৱদান আগবঢ়াব পাৰে। লগতে দেহক ক্ষাৰীয় কৰি তোলে।

Tags: Health and Wellness
Share4Tweet3Send

Related Posts

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ
ALL NEWS

Woman reservation bill I মহিলাৰ সংৰক্ষণ বৃদ্ধিৰ ক্ষেত্ৰত বিৰোধীৰ আপত্তি, গণতন্ত্ৰ ধ্বংস কৰাৰ অভিযোগ

by Staff Reporter
April 17, 2026
50
Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs
ALL NEWS

Major Success for Karbi Anglong Police as Khotkhoti Unit Seizes Large Quantity of Illegal Drugs

by ASSAM TIMES POST
February 25, 2026
50
CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ
ALL NEWS

CM point blank row I মুখ্যমন্ত্ৰীৰ ‘পইণ্ট ব্লেংক’ বিতৰ্ক : উচ্চতম ন্যায়ালয়ত খাৰিজ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ বিৰুদ্ধে উত্থাপিত গোচৰ

by Staff Reporter
February 16, 2026
50
New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ
ALL NEWS

New Planet discover । ৩৫৫ দিনত এবছৰৰ এটা শীতল গ্ৰহ আৱিষ্কাৰ মহাকাশত বিজ্ঞানীসকলৰ

by Staff Reporter
February 13, 2026
50
নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ
ALL NEWS

নেপালৰ দৰে পাকিস্তানত হ’ব নেকি জেন-জি বিদ্ৰোহ, ছ’চিয়েল মিডিয়া বন্ধ কৰাৰ প্ৰস্তুতি আতংকিত চৰকাৰৰ

by Staff Reporter
December 12, 2025
50
বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম
ALL NEWS

বিশ্বৰ আটাইতকৈ সুখী দেশ ফিনলেণ্ডত অঘটন, প্ৰিয় ক্লাবৰ অৱনতি, খঙত অনুৰাগীয়ে জ্বলালে ক্লাবৰ ষ্টেডিয়াম

by Staff Reporter
December 12, 2025
50
ADVERTISEMENT
NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে
National-International

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
50
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত
National-International

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
50
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ
National-International

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026
50
Petrol and Diesel : “ভাৰতত পেট্ৰ’ল আৰু ডিজেলৰ অভাৱ নাই’ : পশ্চিম এছিয়াৰ সংকটৰ বাবে জনসাধাৰণক আশ্বাস দিলে কেন্দ্ৰই
National-International

Fuel price hike । প্ৰধানমন্ত্ৰীৰ শক্তি সঞ্চয়ৰ বাৰ্তাৰ পিছত বৃদ্ধি পালে পেট্ৰ’ল-ডিজেলৰ মূল্য

May 15, 2026
50
ASSAM TIMES POST

Assam Times Post is an Online Assamese and English News Portal from Assam.

NEET PG Exam Date : জুলাই মাহত অনুষ্ঠিত হ’ব নীট পি জি পৰীক্ষা, প্ৰশ্নকাকত ফাদিল ৰুধিবলৈ প্ৰস্তুত কৰা হ’ব পৰীক্ষাৰ দুঘণ্টা পূৰ্বে

‎এনইইটি পদ্ধতি সলনি কৰিব কেন্দ্ৰই

May 15, 2026
NEET Paper leak : নীটৰ প্ৰশ্নকাকত ফাদিলত ৰাজস্থানত গ্ৰেপ্তাৰ ১৫ জন, জয়পুৰত ধৰা পৰিল মূল অভিযুক্ত

NEET UG 2026 I ২১ জুনত পুনৰ অনুষ্ঠিত হ’ব নীট পৰীক্ষা

May 15, 2026
Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

Work From Home I সপ্তাহত দুদিন ঘৰৰ পৰা কাম, কামৰ সময় সলনি; প্ৰধানমন্ত্ৰীৰ অনুৰোধৰ পিছত দিল্লী চৰকাৰৰ পদক্ষেপ

May 15, 2026

© 2020 Assam Times Post. | Powered By Webx

  • About Us
  • Disclaimer
  • Privacy
  • Advertisement
  • Contact Us

Welcome Back!

Login to your account below

Forgotten Password? Sign Up

Create New Account!

Fill the forms below to register

All fields are required. Log In

Retrieve your password

Please enter your username or email address to reset your password.

Log In

Add New Playlist

No Result
View All Result
  • HOME
  • BREAKING NEWS
  • EXCLUSIVE
  • ALL NEWS
  • NORTHEAST
  • ASSAM
  • GUWAHATI
  • NATIONAL – INTERNATIONAL
  • KARBI ANGLONG
  • ENTERTAINMENT
  • Video News

© 2020 Assam Times Post. | Powered By Webx