![]()
নিউজ ডেস্কঃ
এইবাৰৰ অলিম্পিকত সাতটা পদক লাভ কৰিলে ভাৰতে। অলিম্পিকত এইটোৱে ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন। ভাৰতে অতিক্ৰম কৰে ৯ বছৰ পূৰ্বৰ লণ্ডন অলিম্পিকৰ প্ৰদৰ্শনক।
বিগত ২৪ জুলাইত প্রথম পদক জয় কৰিছিল মীৰাবাই চানুই। ভাৰোত্তোলনত দেশক ৰূপৰ পদক উপহাৰ দিছিল তেওঁ। ১ আগষ্টত ব্রঞ্জ পদক জয় কৰে পিভি সিন্ধুই। বেডমিন্টনত দেশক ব্রঞ্জ উপহাৰ দিয়ে তেওঁ। ইয়াৰ পিছত বুধবাৰে বক্সিঙত ব্রঞ্জ জয় কৰিছিল লাভলীনা বৰগোহাঁয়ে। বৃহস্পতিবাৰে হকীত ব্রঞ্জ জয় কৰে ভাৰতীয় পুৰুষ দলে। একেই দিনাই কুস্তিত ভাৰতক ৰূপৰ পদক আনি দিয়ে ৰবি কুমাৰ দাহিয়াই। আনহাতে, শনিবাৰে কুস্তিত ব্রঞ্জ আৰু জেভলিনত সোণ জয়।
উল্লেখ্য, ২০১২ চনত লণ্ডন অলিম্পিকত ভাৰতৰ হৈ ছয়টা পদক জয় কৰিছিল বিজয় কুমাৰ, সুশীল কুমাৰ, ছাইনা নেহৱাল, মেৰি কম, গগন নাৰাং, যোগেশ্বৰ দত্তই।













