স্বাস্থ্য প্ৰতিবেদন:
শৰীৰত ইউৰিক এচিডৰ স্তৰ বৃদ্ধি পালে গাউট ৰোগে দেখা দিব পাৰে। এই ৰোগত গাঁথিৰ বিষ হয়, ফুলা ভাবে দেখা দিয়ে আৰু উঠা-বহাত অসুবিধা হয়। ইউৰিক এচিড এক ধৰণৰ কেমিকেল, যি পিউৰিন নামৰ প্রটিন ভাঙি উৎপন্ন হয়। ইউৰিক এচিড কিডনিৰ দ্বাৰা পৰিশোধিত হৈ প্রস্রাৱৰ পথেৰে বাহিৰ ওলাই যায়। কিন্তু ৰক্তত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে কিডনিয়েও ইয়াক নির্গত কৰিব নোৱাৰে।
অস্বাস্থ্যকৰ জীৱন-যাপন আৰু খাদ্যাভ্যাসৰ কাৰণে ইউৰিক এচিডৰ সমস্যাত পৰে বহুতেই। বিশ্বৰ প্রায় চাৰে ৪ কোটি মানুহে এই সমস্যাত কষ্ট পাইছে। প্রায় ১৫ লক্ষ মানুহে ইউৰিক এচিডত গাঁথিৰ বিষত শয্যাশায়ী হৈ দিন কটাইছে।
ইয়াৰ ফলত ক্রিষ্টেলৰ দৰে ভাঙি গৈ হাড়ৰ মাজত জমা হয় ইউৰিক এচিড। যাৰ কাৰণে গাঁথিত বিষ আৰু ও ফুলাভাব দেখা দিয়ে। সমস্যা বৃদ্ধি পালে হার্ট এটাক, মাল্টিপল অৰ্গেন ফেলিঅৰ, কিডনি ফেলিঅৰৰ সম্ভাৱনা বাঢ়ি যায়। চিকিৎসা আৰু ঔষধৰ উপৰি উচ্চ ইউৰিক এচিডৰ ৰোগীসকলে নিজৰ খোৱালোৱাৰ বিশেষ যত্ন লোৱা উচিত।
এনে কিছু খাদ্যদ্রব্য আছে, যিয়ে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে আৰু ইয়াৰ ফলত গাঁথিৰ বিষ, ফুলি যোৱাৰ সমস্যা দেখা যায়। এনে পৰিস্থিতিত যিসকল ব্যক্তিৰ উচ্চ ইউৰিক এচিড আছে, তেওঁলোকে
এই খাদ্যবোৰ নাখাব—
গাউটৰ ৰোগীসকলে কেইবাবিধো দাইল আৰু বিন নাখাব। দেশীয় বুত, কুলথী বা হৰ্ছ গ্রাম, ৰাজমাহ, কাবুলি ইত্যাদি নিজৰ খাদ্য তালিকাৰ পৰা বাদ দিয়ক। এই খাদ্যদ্রব্যবোৰে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে।
পিউৰিন সমৃদ্ধ খাদ্য
উচ্চ ইউৰিক এচিডৰ ৰোগীসকলে সকলোতকৈ আগতে পিউৰিনযুক্ত খাদ্য এৰাই চলা উচিত। কাৰণ এই পিউৰিন ভাঙিয়েই শৰীৰত ইউৰিক এচিড সৃষ্টি হয়। এনে পৰিস্থিতিত মাছ, মাংস নাখাব। ইয়াৰ উপৰি, দৈ, ভিনেগাৰ, মদ্যপানো এৰাই চলক। উল্লেখ্য, দৈত থকা ট্রান্স ফেটে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে। সেয়ে দৈ বা দৈৰ কোনো খাদ্য নোখোৱাই ভাল।
মিঠা খাদ্য আৰু ড্রিঙ্কছ
মিঠা খাদ্য আৰু ও ড্রিঙ্কছত থকা ফ্রুক্টোজে পিউৰিনৰ মেটাবলিজম বৃদ্ধি কৰে। মিঠা খাদ্যই ওজন বৃদ্ধি কৰে, যাৰ ফলত ৰক্তত শর্কৰাৰ পৰিমাণ বৃদ্ধি পায়। সেয়ে উচ্চ ইউৰিক এচিডৰ ৰোগীসকলে মিঠাই ত্যাগ কৰক।