![]()
নিউজ ডেস্কঃ
গ্রেট ব্রিটেইনৰ বিৰুদ্ধে ব্রঞ্জ মেচত পৰাজয়ৰ পিছত ভাৰতীয় মহিলা হকী দল কান্দোনত ভাগি পৰে। তেওঁলোকক সান্ত্বনা দিবলৈ ৰাণী ৰামপালক ফোন কৰে প্রাধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে। ফোন ধৰিয়েই হকীত ইতিহাস গঢ়া দলটো কান্দোনত ভাগি পৰে। তেওঁলোকক অভিনন্দন জনাই কান্দোন বন্ধ কৰে প্রধানমন্ত্রীয়ে।
মোদীয়ে কয়, ‘‘তোমালোকক অশেষ অভিনন্দন। বিগত পাঁচ-ছয় বছৰ ধৰি তোমালোকে বহু ঘাম মাটিত পেলাইছা। তোমালোকৰ সেই পৰিশ্রম দেশৰ কোটি কোটি জীয়ৰীৰ বাবে অনুপ্রেৰণা। মই দলৰ সকলোকে আৰু প্রশিক্ষকক অভিনন্দন জনাইছো।’’
ইয়াৰ উত্ৰত মোদীকো ধন্যবাদ জনায় ৰাণীয়ে। নৱনিত কৌৰৰ আঘাতৰো খবৰ লয় মোদীয়ে। ৰাণঈয়ে জনায়, ‘‘তেওঁ বৃহস্পতিবাৰে আঘাত পাইছে, চাৰি-পাঁচটা চিলাই পৰিছে।’’
চেলিমা টেটে, বন্দনা কাটাৰিয়াহঁতৰো প্রশংসা কৰে প্রধানমন্ত্রীয়ে। ইয়াৰ পিছতে তেওঁ কয়, ‘‘কান্দোন বন্ধ কৰা। মই তোমালকৰ কান্দোনৰ ৰোল শুনা পাইছো। দেশ তোমালোকৰ বাবে গর্বিত। তোমালোকৰ জৰিয়তেই ইমান দশক পিছত ভাৰতত হকীৰ পুনর্জীৱন হৈছে।’’
দলৰ প্ৰশিক্ষক ছ’ৰ্ড মাৰিনকো ধন্যবাদ জনায় প্রধানমন্ত্রীয়ে। তেওঁ কয়, ‘‘আপোনাক অনেক ধন্যবাদ। আচলতে এওঁলোক আবেগপ্রবণ হৈ পৰিছে। মই তেওঁলোকক কৈছো তোমালোকে দেশক অনুপ্রাণিত কৰিছা। আৰু সেইটোৱেই সকলোতকৈ গুৰুত্বপূর্ণ।’’













