![]()
নিউজ ডেস্কঃ
নিয়মিত মটৰচাইকেলেৰে যাতায়াত কৰে নেকি? তেতিয়াহ’লে মনত ৰাখিব, এতিয়াৰ পৰা বাইকত উঠিলেই মানিব লাগিব নতুন বিধি। আৰোহীসকলৰ সুৰক্ষাৰ বাবে এই বিধি প্ৰৱৰ্তন কৰিলে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ে।
কেন্দ্ৰীয় মটৰচাইকেল আইন (১৯৮৯) সংশোধন কৰি এক নির্দেশনা জাৰি কৰিছে কেন্দ্রীয় পথ পৰিবহণ মন্ত্রালয়ে। উক্ত নির্দেশনাটোত কোৱা হৈছে—
• পিছফালে বহা যাত্রীৰ নিৰাপত্তাৰ বাবে মটৰচাইকেলত ‘হেণ্ডহ’ল্ড’ অৰ্থাৎ ধৰিব পৰা ব্যৱস্থা থাকিব লাগিব।
• বাইকৰ দুয়োকাষে থাকিব লাগিব পাওদানি অৰ্থাৎ ভৰি দিয়া প্লেট, যিটো বৰ্তমান এফালেহে আছে।
• পিছৰ আসনত বহা যাত্রীৰ কাপোৰ পিছৰ চকাত সোমাই বহু দুর্ঘটনা হৈছে। তাক ৰুধিবলৈ এইবাৰ নতুন পদক্ষেপ লৈছে কেন্দ্রই। নতুন নির্দেশনাটোত পিছৰ চকাৰ অন্তত আধা অংশ ঢাকি দিব লাগিব।
• বাইকত অন্তত এটি ‘লাগেজ বক্স’ ৰাখিব লাগিব। তাৰ মাপ হ’ব দীঘল সর্বাধিক ৫১০ মিলিমিটাৰ, উচ্চতা ৫০০ মিলিমিটাৰ। কিন্তু পিছৰ আসনৰ কাষত এই ‘লাগেজ বক্স’ থাকিলে চালকৰ বাহিৰে অন্য কোনো উক্ত বাইকত উঠিব নোৱাৰিব।











