![]()
নিউজ ডেস্কঃ
পুৰুষৰ কুস্তিত ৰূপতেই সন্তুষ্ট থাকিবলগা হ’ল তেওঁ। ৰাছিয়াৰ জাভুৰ উগুয়েভৰ বিৰুদ্ধে ফাইনেলত অৱতীৰ্ণ হৈছিল ভাৰতৰ ৰবি কুমাৰ দাহিয়া। আৰম্ভণিতে জাভুৰক চেৰ পেলাই অগ্ৰগতি ল’লেও প্ৰত্যাক্ৰমণ কৰি যুঁজলৈ উভতি আহে তেওঁ।
এটা সময়ত ২-৭ ব্যৱধানত পিছপৰি গৈছিল ৰবি। তাৰ পৰা যুঁজ দি ব্যৱধান ৪-৭ কৰে যদিও তাৰ পৰা আৰু আগবাঢ়িব নোৱাৰে৷ অৱশেষত ৰূপতেই শেষ হয় তেওঁৰ এইবাৰ অলিম্পিকৰ দৌৰ।
উল্লেখ্য, অলিম্পিক মল্লযুঁজত ইয়াকে লৈ ভাৰতে মুঠ সাতটা পদক লাভ কৰিলে।













