![]()
নিউজ ডেস্কঃ
অলিম্পিক হকীত প্রথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশৰ আশা নিৰ্বাপিত হ’ল ভাৰতীয় মহিলা হকী দলৰ। আর্জেন্টিনাৰ বিৰুদ্ধে ১-২ ব্যৱধানত পৰাস্ত হয় ৰাণী ৰামপাল নেতৃত্বাধীন ভাৰতীয় দলটো।
মেচৰ দুই মিনিটতেই পেনাল্টি কর্নাৰেৰে ভাৰতক অগ্ৰগতি দিয়ে গুৰজিৎ কৌৰে। কিন্তু মেচ আগবঢ়াৰ লগে লগে আৰ্জেণ্টিনাই চাপ বৃদ্ধি কৰি থাকে।
দ্বিতীয় কোৱার্টাৰত সমতা স্থাপন কৰে আর্জেন্টিনাই। পেনাল্টি কর্নাৰ গ’ললৈ পৰিৱৰ্তন কৰে অধিনায়ক মাৰিয়া বাৰিয়োনুয়েভোই। তাৰ পিছত আন এটি পেনাল্টি কর্নাৰৰ পৰা দ্বিতীয়টো গ’ল কৰে আর্জেন্টিনাৰ বাৰিয়োনুয়েভোই। অহা শুকুৰবাৰে ভাৰতে ব্ৰঞ্জৰ পদকৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব৷













