![]()
নিউজ ডেস্কঃ
কোৱার্টাৰ ফাইনেলত বুলগেৰিয়াৰ জর্জি ভেঙ্গেলভক পৰাস্ত কৰি ছেমি ফাইনেলত উফনীত হৈছিল ভাৰতৰ মল্লযুঁজাৰু ৰবি কুমাৰ দাহিয়া। ৫৭ কেজি শাখাত প্ৰতিদ্বন্দ্বিতা কৰিছে ২৩ বছৰীয়া ৰবিয়ে। তাৰ পিছত আজি ছেমি ফাইনেলত কাজাখস্তানৰ খেলুৱৈগৰাকীক পৰাস্ত কৰি ফাইনেলত স্থান সুৰক্ষিত কৰে৷
২০০৮ অলিম্পিকত সুশীল কুমাৰৰ ব্রঞ্জ জয়ৰ পিছত তেওঁক দেখিয়ে ১০ বছৰ বয়সত কুস্তি খেলিবলৈ আৰম্ভ কৰে ৰবিয়ে। প্রাক্তন মল্লযুঁজাৰু সৎপাল সিঙৰ তত্ত্বাৱধানত প্রশিক্ষণ আৰম্ভ কৰে ৰবিয়ে। বৰ্তমান সুশীল কুমাৰ জে’লত।
হাৰিয়ানাৰ সোনেপাট জিলাৰ পৰা ছত্রশাল ষ্টেডিয়ামলৈ আহি থাকিবলৈ আৰম্ভ কৰে তেওঁ। প্ৰাক্তন মল্লযুঁজাৰু যোগেশ্বৰ দত্তৰ ঘৰত থাকিবলৈ দিয়া হয় তেওঁক। ২০১৫ চনত ব্ৰাজিলৰ পৰা বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপত ৫৫ কেজি শাখাত ৰূপৰ পদক জয় কৰিছিল তেওঁ।
২০১৯ চনত প্রো ৰেচলিং লিগৰ চেম্পিয়ন দল হাৰিয়ানা হেমাৰ্ছৰ হৈ খেলি সকলোৰে মন জয় কৰিছিল তেওঁ।
২০১৯, ২০২০ আৰু ২০২১ চনত একেৰাহে তিনিবাৰ এছিয়ান চেম্পিয়নশ্বিপত জয়লাভ কৰিছে ৰবি কুমাৰে। ২০১৯ চনত বিশ্ব চেম্পিয়ন হয় কৃষক পৰিয়ালৰ পৰা অহা এইগৰাকী মল্লযুঁজাৰু।
সকলোৰে দৃষ্টিত পৰিলেও ইয়াৰ পিছতেই আঁঠুত আঘাত পায় তেওঁ। কিন্তু অর্থৰ অভাৱত চিকিৎসা কৰাব পৰা নাছিল। এবছৰ সেই আঘাতৰ বাবে নষ্ট হ’লেও পুনৰ উভতি আহে ৰবি। ২০১৮ চনত অনূর্ধ্ব ২৩ কুস্তি চেম্পিয়নশ্বিপত ৰূপ জয় কৰিছিল ৰবিয়ে।













