স্বাস্থ্য প্ৰতিবেদন:
ঘৰত বহি বহি ওজন বাঢ়ি গৈছে নেকি? ইয়াৰ বাবে নিশ্চয় দুশ্চিন্তাও বাঢ়িছে? এই পৰিস্থিতিত কফিয়েই কিন্তু আপোনাক এই সমস্যাৰ পৰা মুক্তি দিব পাৰে।
ব্লেক কফি যিসকলে পছন্দ কৰে তেওঁলোকেই প্ৰকৃত কফি প্রেমিক। কাৰণ কফিৰ স্বাদ একমাত্র পোৱা যায় ব্লেক কফিতেই। আৰু ওজন কমাবলৈও ব্লেক কফিৰ তুলনা নাই। হার্টৰ ৰোগী কিম্বা ডায়েবেটিছ যিসকলৰ থাকে তেওঁলোকক বিনা চেনি ক’লা কফি খোৱাৰো পৰামর্শ দিয়া হয়। এক কাপ ব্লেক কফিত কেলৰিৰ পৰিমাণ মুঠ ২।
ডিকেফেইনেটেড বীজৰ পৰা বনোৱা হ’লে তাত আকৌ একেবাৰেই কেলৰি নাথাকে। ইয়াৰ উপৰি ব্লেক কফিত ক্লোৰোজেনিক এচিড নামৰ এবিধ উপাদান আছে, যিয়ে ওজন কমোৱাত সহায় কৰে। নিশা খাদ্য খোৱাৰ পিছত এক কাপ ব্লেক কফি খালে শৰীৰত ক্লোৰোজেনিক এচিড গ্লুকোজ উৎপাদনত বাধা দিয়ে। ফলত নতুন ফেট কোষো সৃষ্টি নহয়।
কফিত বহু পৰিমাণৰ বায়ো-এক্টিভ উপাদান আছে। এইবোৰ হ’লল ক্লোৰোজেনিক এচিড, কেফেইন, ট্রাইগোনেলিন আৰু মেগনেছিয়াম। একাধিক গৱেষণাই কৈছে, এই ধৰণৰ বায়ো-এক্টিভ উপাদানে ওজন কমোৱাৰ ক্ষেত্রত সহায় কৰে। কফিত সীমিত পৰিমাণত কেলৰি থাকে। ইয়াত ফেট নাই বুলিলেই চলে।
এই ক্ষেত্রত যিসকলে ওজন কমোৱাৰ কথা ভাবিছে, তেওঁলোকক ব্লেক কফি খোৱাৰ পৰামর্শ দিয়া হয়। বহুতে আকৌ ব্লেক কফিত চেনি, গাখীৰ বা সামান্য পৰিমাণৰ ক্রিম দি খাবলৈ ভালপায়। এই ক্ষেত্রত আকৌ ওলোটা সমস্যা হ’ব পাৰে। কাৰণ এইবোৰ কেলৰিৰ লগতে ফেটৰো উৎস। তেনে ক্ষেত্রত ওজন কমাৰ সলনি ওলোটাই ওজন বাঢ়ি থাকে।
শক্তিৰ যোগান
ব্লেক কফিত বিভিন্ন এন্টি-অক্সিডেন্টছ আছে যিয়ে দ্রুততাৰে ওজন কমোৱাত সহায়ক ভূমিকা পালন কৰে। ব্লেক কফিৰ সৈতে যদি সামান্য মৌ আৰু নেমু যোগ কৰি খাব পাৰে, তেনেহ’লে যেনেদৰে স্বাদ বাঢ়ে, তেনেদৰেই সি ওজন কমোৱাৰ বাবেও উপকাৰী। ব্লেক কফিত থকা কেফিনে খুব দ্রুততাৰে বিপাক ক্রিয়া বঢ়ায় আৰু আমাৰ শৰীৰত শক্তিৰ যোগান ধৰে। ফলত ভোকো কমায়।
খালী পেটত কফি নাখাব
কিন্তু খালী পেটত বা একেবাৰে পুৱা কফি নোখোৱাই ভাল। যিসকলৰ ৰাতি টোপনিৰ সমস্যা আছে তেওঁলোকে বৰং ৰাতি কফি খোৱাটো এৰাই চলক। নেমু-মৌ মিহলাই এই কফি খোৱাৰ আদর্শ সময় হ’ল সন্ধ্যা সময়। কফিৰ সৈতে মৌ আৰু নেমুৰ ৰস মিহলালে হজম ভাল হয়। মৌৰ সলনি ব্রাউন চেনিও ব্যৱহাৰ কৰিব পাৰে।
শৰীৰত গ্লুকোজৰ মাত্রা কমায়
অতিৰিক্ত ওজন বাঢ়ি গ’লে শিশু বা প্রাপ্তবয়স্ক উভয়ৰ ক্ষেত্রতেই টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰ এটি ডাঙৰ কাৰণ হ’ল শৰীৰত প্রচুৰ পৰিমাণে গ্লুকোজৰ মাত্রা বৃদ্ধি। একাধিক গৱেষণাই কৈছে, ব্লেক কফিত থকাত ক্লোৰোজেনিক এডিডে গ্লুকোজ বৃদ্ধিৰ মোকাবিলা কৰিব পাৰে। ই ইনছুলিনৰ মাত্রা সঠিক ৰখাতো সহায় কৰে।