![]()
নিউজ ডেস্কঃ
বুধবাৰে তুৰস্কৰ বুছেনাজ ছুৰমেনেলিৰ বিপক্ষে খেলত নামিব লভলীনা বৰগোঁহাই। ছেমি ফাইনেলত প্ৰৱেশৰ পিছতেই ব্রঞ্জ পদক নিশ্চিত কৰিছিল লাভলীনাই। কিন্তু তাতেই সন্তুষ্ট নহয় অসম জীয়ৰী তথা ভাৰতৰ এইগৰাকী বক্সাৰ। তেওঁৰ লক্ষ্য সোণ জয়। বুধবাৰে পুৱা ১১ বজাত উক্ত লক্ষ্য লৈয়েই খেলত নামিব লাভলীনা।
লাভলীনাই কোৱার্টাৰ ফাইনেলত প্রাক্তন বিশ্ব চেম্পিয়ন চাইনিজ টাইপেৰ চেন নিয়েন-চিনক ৪-১ ব্যৱধানত পৰাস্ত কৰিছিল। পাঁচবাৰ চেন নিয়েনৰ মুখামুখী হ’লেও অলিম্পিৰ মঞ্চতেই প্রথমবাৰ তেওঁক পৰাস্ত কৰিলে লাভলীনাই।
আনহাতে, বুছেনাজে ইউক্রেইনৰ আনা লেনস্কোক ৫-০ ব্যৱধানত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে।
ইয়াৰ পূৰ্বে বুছেনাজৰ মুখামুখী হোৱা নাই লাভলীনা। বিশ্ব চেম্পিয়ন বুছেনাজৰ বিৰুদ্ধে কঠিন যুঁজত ভাৰতীয় বক্সাৰগৰাকী। ২৩ বছৰীয়া বুছেনাজে ২১খন মেচ খেলিছে। পৰাজিত হৈছে মাত্র ৫খন মেচত।













